ৰাজসাহাজ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকা বাঢ়ি ৯৭৬ টকা। কেৱল মাত্ৰ বাণিজ্যিক ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় চিলিণ্ডাৰৰ দাম ৮ টকা কমি ২০৮৭ টকা হৈছে।
ৰাজসাহাজ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকা বাঢ়ি ৯৭৬ টকা। কেৱল মাত্ৰ বাণিজ্যিক ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় চিলিণ্ডাৰৰ দাম ৮ টকা কমি ২০৮৭ টকা হৈছে।
আশংকাই অৱশেষত সত্য হ’ল। পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে একেলগে বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। একেবাৰে ৫০ টকা বৃদ্ধি পালে ৰাজসাহাজ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম (LPG Cylinder Price)। আজি মাজনিশাৰ পৰা নতুন নিৰিখ কাৰ্যকৰী হোৱাৰ কথা।
সূত্ৰ অনুসৰি, কলকাতাত এক লিটাৰ পেট্ৰ’লৰ দাম ৮৩ পইচা বৃদ্ধি হৈ ১০৫.৫১ টকা হৈছে। ইমানদিনে আছিল ১০৪.৬৮ টকা। ডিজেলৰ দামো প্ৰতিলিটাৰত ৮৩ পইচা বাঢ়ি কলকাতাত দাম হ’লগৈ ৯০.৬২ টকা।
দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত ৯৫.৪১ টকাৰ পৰা বৃদ্ধি হৈ ৯৬.২১ টকা হৈছে। ডিজেল প্ৰতিলিটাৰত ৮৬.৬৭ টকাৰ পৰা বৃদ্ধি হৈ ৮৭.৪৭ টকা হৈছে।
আনহাতে, ৰাজসাহাজ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকা বাঢ়ি ৯৭৬ টকা। কেৱল মাত্ৰ বাণিজ্যিক ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় চিলিণ্ডাৰৰ দাম ৮ টকা কমি ২০৮৭ টকা হৈছে।
প্ৰায় তিনি মাহ ধৰি পেট্ৰ’ল–ডিজেলৰ দাম অপৰিৱৰ্তিত আছিল। বিশেষজ্ঞসকলে কৈছিল, পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবেই তেলৰ দাম বৃদ্ধি কৰা হোৱা নাই। আনকি ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধৰ পিছতে আন্তৰ্জাতিক বজাৰত অপৰিশোধিত তেলৰ মূলবৃদ্ধি সত্ত্বেও ভাৰতত ইন্ধনৰ মূল্য বৃদ্ধি কৰা হোৱা নাছিল। কিন্তু দাম যে বাঢ়িব সেই আশংকা কৰা হৈছিল। আৰু অৱশেষত আশংকা সত্য হ’ল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|