মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»আধালৈ হ্ৰাস পাব পাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য! বিকল্প উপায়ৰ সন্ধান কৰিছে কেন্দ্ৰীয় চৰকাৰে

আধালৈ হ্ৰাস পাব পাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য! বিকল্প উপায়ৰ সন্ধান কৰিছে কেন্দ্ৰীয় চৰকাৰে

News18 Assam | News18-Assam
Updated:March 1, 2021, 12:56 PM IST
আধালৈ হ্ৰাস পাব পাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য! বিকল্প উপায়ৰ সন্ধান কৰিছে কেন্দ্ৰীয় চৰকাৰে
সমগ্ৰ দেশৰ ভিতৰত ৰাজস্থানে পেট্ৰ'লৰ ওপৰত সৰ্বাধিক কৰ ৩৬ শতাংশ আৰোপ কৰে।

সমগ্ৰ দেশৰ ভিতৰত ৰাজস্থানে পেট্ৰ'লৰ ওপৰত সৰ্বাধিক কৰ ৩৬ শতাংশ আৰোপ কৰে।

  • Share this:
পেট্ৰ’ল–ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সাধাৰণ জনতাক।এই সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে বিপদত পেলাইছে চৰকাৰকো যাৰ বাবে মূল্য হ্ৰাসৰ বিকল্পৰ সন্ধানত নামি পৰিছে চৰকাৰ। যদিহে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'লজাতীয় সামগ্ৰীসমূহক সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ জি এছ টিৰ অধীনলৈ আনে তেন্তে ইয়ে সকাহ প্ৰদান কৰিব পাৰে সাধাৰণ জনতাক। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও এই ইংগিত প্ৰদান কৰছে। যদিহে পেট্ৰ'ল আৰু ডিজেলক জি এছ টিৰ উচ্চ হাৰত ৰখা হয় তেন্তে বৰ্তমানৰ মূল্য আধালৈ হ্ৰাস হ'ব পাৰে।

সম্প্ৰতি পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে উৎপাদন শুল্ক আৰু ৰাজ্যিক মূল্য সংযোজন কৰ আদায় কৰে। এই দুয়োটাৰে হাৰ ইমান বেছি যে ৩৫ টকাৰ পেট্ৰ'ল বিভিন্ন ৰাজ্যলৈ গৈ প্ৰতি লিটাৰত ৯০ৰ পৰা ১০০ টকা হৈছে। ২৩ ফেব্ৰুৱাৰীত দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯০.৯৩ টকা আৰু ডিজেলৰ মূল্য ৮১.৩২ টকা আছিল। ইয়াৰ ওপৰত কেন্দ্ৰই ক্ৰমান্বয়ে ৩২.৯৮ টকা আৰু ৩১.৮৩ টকা উৎপাদন শুল্ক আৰোপ কৰিছে।


দেশজুৰি জিএছটি প্ৰযোজ্য হৈ থকাৰ সময়তো এয়া হ'বলৈ লৈছে। কিয়নো ১ জুলাই, ২০১৭ৰ পৰা দেশত জিএছটি বলৱৎ হৈছিল ঠিকেই, কিন্তু ৰাজ্যসমূহৰ উচ্চ নিৰ্ভৰশীলতাৰ বাবে পেট্ৰ'ল আৰু ডিজেলক জিএছটিৰ পৰা বাদ দিয়া হৈছিল। যাৰ বাবে এতিয়া বিত্তমন্ত্ৰী সীতাৰমণে ইন্ধনৰ মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাসমূহৰ মাজত যৌথ সহযোগিতাৰ আহ্বান জনাইছে।



ইন্ধনজাতীয় সামগ্ৰীক জিএছটিত অন্তৰ্ভুক্তিকৰণৰ পিছত প্ৰভাৱ হ'ব এনেধৰণৰ -


যদি পেট্ৰ'লিয়াম সামগ্ৰীসমূহক জিএছটিৰ অধীনত অন্তৰ্ভুক্ত কৰা হয় তেন্তে সমগ্ৰ দেশতে ইন্ধনৰ মূল্য সমান হৈ পৰিব। তদুপৰি, যদি জিএছটি পৰিষদে কম হাৰ বাছনি কৰে তেন্তে মূল্য হ্ৰাস হ'ব পাৰে। বৰ্তমান ভাৰতত চাৰিটা প্ৰাথমিক জিএছটি হাৰ আছে – ৫ শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বৰ্তমান উত্পাদন শুল্ক আৰু মূল্য সংযোজন কৰৰ নামত ১০০ শতাংশতকৈ অধিক কৰ আদায় কৰি আছে।


পেট্ৰ'লিয়াম সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰেৰে ৰাজ্য চৰকাৰসমূহে বাবে এক বৃহৎ ৰাজহ আদায় কৰে। সেয়েহে জিএছটি পৰিষদে পেট্ৰ'ল আৰু ডিজেলৰ উচ্চ হাৰৰ জিএছটি আৰোপ কৰাৰ লগতে ইয়াৰ ওপৰত উপকৰ আৰোপ কৰাৰো সম্ভাৱনা আছে।


চৰকাৰী তথ্য অনুসৰি, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছয় মাহত পেট্ৰ'লিয়াম খণ্ডই ৰাজকোষত ২,৩৭,৩৩৮ কোটি টকাৰ অৱদান আগবঢ়াইছিল। ইয়াৰ ভিতৰত, ১,৫৩,২৮১ কোটি টকা কেন্দ্ৰৰ অংশ আছিল আৰু ৮৪,০৫৭ টকা ৰাজ্যসমূহৰ অংশ আছিল। ২০১৯-২০ বৰ্ষত ৰাজ্য আৰু কেন্দ্ৰলৈ পেট্ৰ'লিয়াম খণ্ডৰ পৰা মুঠ অৱদান আছিল ৫,৫৫,৩৭০ কোটি টকা। য'ত কেন্দ্ৰৰ ৰাজহ প্ৰায় ১৮ শতাংশ আৰু ৰাজ্যসমূহৰ ৰাজহৰ ৭ শতাংশ আছিল। কেন্দ্ৰীয় বাজেট ২০২১-২২ অনুসৰি, কেন্দ্ৰই কেৱল এই বিত্তীয় বৰ্ষতে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত উৎপাদন শুল্কৰ পৰা আনুমানিক ৩.৪৬ লাখ কোটি টকা সংগ্ৰহ কৰাৰ আশা কৰিছে।



ৰাজস্থানত কৰৰ হাৰ সৰ্বাধিক -


সমগ্ৰ দেশৰ ভিতৰত ৰাজস্থানে পেট্ৰ'লৰ ওপৰত সৰ্বাধিক কৰ ৩৬ শতাংশ আৰোপ কৰে। ইয়াৰ পিছতে তেলেংগানাই ৩৫.২ শতাংশ কৰ আৰোপ কৰে। পেট্ৰ'লৰ ওপৰত ৩০ শতাংশতকৈ অধিক কৰ আৰোপ কৰা অন্যান্য ৰাজ্যসমূহৰ ভিতৰত আছে কৰ্ণাটক, কেৰালা, অসম, অন্ধ্ৰ প্ৰদেশ, দিল্লী আৰু মধ্য প্ৰদেশ। একেদৰে ডিজেলৰ ওপৰত, সৰ্বাধিক কৰৰ হাৰ ওড়িশা, তেলেংগানা, ৰাজস্থান আৰু ছত্তীশগড়ৰ দৰে ৰাজ্যসমূহে আদায় কৰে। এতিয়ালৈকে পাঁচখন ৰাজ্য ক্ৰমে পশ্চিম বংগ, ৰাজস্থান, মেঘালয়, অসম আৰু নাগালেণ্ডে এই বৰ্ষত ইন্ধনৰ ওপৰত কৰৰ হাৰ হ্ৰাস কৰিছে।

Published by: Sanjay Kumar Das
First published: March 1, 2021, 12:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি