মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»৮.৫ টকা পৰ্যন্ত হ্ৰাস কৰিব পাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম! কেনেকৈ?

৮.৫ টকা পৰ্যন্ত হ্ৰাস কৰিব পাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম! কেনেকৈ?

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:27 PM IST
৮.৫ টকা পৰ্যন্ত হ্ৰাস কৰিব পাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম! কেনেকৈ?
চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ এক্সাইজ ডিউটি হ্ৰাস কৰিব পাৰে।

চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ এক্সাইজ ডিউটি হ্ৰাস কৰিব পাৰে।

  • Share this:

বিগত কিছুদিন ধৰি আকাশলংঘী হৈছে পেট্ৰ’ল আৰু ডিজেলৰ দাম। দেশৰ প্ৰায় সকলো চহৰতে পেট্ৰ’লৰ দাম ৯০ৰ পৰা ১০০ টকা পৰ্যন্ত প্ৰতিলিটাৰত হৈছেগৈ। পেট্ৰ’ল আৰু গেছৰ দাম হোৰাহোৰে বৃদ্ধি পোৱাত সমস্যাত পৰিছে সাধাৰণ মানুহ। বিশেষজ্ঞসকলে জনাইছে যে চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম ৮.৫ টকা প্ৰতিলিটাৰত কমাব পাৰে।



বিশেষজ্ঞসকলৰ মতে, চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ এক্সাইজ ডিউটি হ্ৰাস কৰিব পাৰে।বৰ্তমান পেট্ৰ’ল আৰু ডিজেলৰ দামে অভিলেখ সৃষ্টি কৰিছে। বিৰোধী আৰু সাধাৰণ মানুহৰ ফালৰ পৰা তেলৰ এক্সাইজ ডিউটি কমোৱাৰ দাবী জনোৱা হৈছে।


২০২০ৰ মাৰ্চৰ পৰা ২০২০ৰ মে’ৰ ভিতৰত এক্সাইজ ডিউটি পেট্ৰ’লত ১৩ টকা আৰু ডিজেলৰ ১৬ টকা প্ৰতিলিটাৰত বৃদ্ধি কৰা হৈছিল। বিগত মাহত একাংশ চহৰত পেট্ৰ’লৰ দাম ১০০ টকালৈ বৃদ্ধি পাইছে। এক্সাইজ ডিউটি হ্ৰাস কৰিলে তেলৰ দাম নিশ্চয়কৈ কিছু হ’লেও হ্ৰাস হ’ব।
Published by: Sanjay Kumar Das
First published: March 4, 2021, 10:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি