যোগ্যতা নাই ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ! গোচৰ ৰুজু

২০১৬ চনত দোষী সাব্যস্ত হৈ এবছৰৰ জে’ল খাইছিল তামাঙে।

news18assam
Updated:June 13, 2019, 1:50 PM IST
যোগ্যতা নাই ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ! গোচৰ ৰুজু
২০১৬ চনত দোষী সাব্যস্ত হৈ এবছৰৰ জে’ল খাইছিল তামাঙে।
news18assam
Updated: June 13, 2019, 1:50 PM IST
ছিক্কিমৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা নাই! মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে গোচৰ। এটা দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ জে’লত আছিল মুখ্যমন্ত্ৰীগৰাকী। গতিকে উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি তামাঙৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ যোগ্যতা নাই বুলি আবেদনত উল্লেখ।

ছিক্কিম চৰকাৰৰ খিৰতী গাই বিতৰণ পৰিকল্পনাৰ কাৰণে ধার্য কৰা ধন হৰলুকী কৰাৰ অভিযোগত দুৰ্নীতি নিবাৰণ অধিনিয়মৰ অধীনত দোষী সাব্যস্ত হৈছিল তামাং। ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ তামাং ৰাজ্য চৰকাৰৰ পশুধন মন্ত্ৰী হৈ থকাৰ সময়ত উঠিছিল এই অভিযোগ।

২০১৬ চনত দোষী সাব্যস্ত হৈ এবছৰৰ জে’ল খাইছিল তামাঙে। Representation of People's Act 1951ৰ Section 8 (1) (m) মতে, তেনে ব্যক্তিয়ে গণতান্ত্ৰিক পদবীত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি