আনুগত্যৰ অন্য নাম কুকুৰ। এনে বহু উদাহৰণ আছে য'ত কুকুৰে মানুহক ডাঙৰ দুৰ্ঘটনা বা ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা কৰিছে। ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাৰ পৰা এনেধৰণৰ আন এটা কাহিনী পোহৰলৈ আহিছে। এটা কুকুৰে এটিএমৰ লুণ্ঠন ৰোধ কৰি লাখ লাখ টকা চুৰি হোৱাৰ পৰা ৰক্ষা কৰিছিল।
ঘটনা অনুসৰি, ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাৰ চৌৰাৰণ আৰক্ষী থানাৰ অন্তৰ্গত চাইথি গাঁৱত এটা এটিএম লুটিবলৈ লওঁতে কুকুৰটোৰ বাবে পলাবলৈ বাধ্য হয় চোৰ।
আৰক্ষীয়ে জনোৱা অনুসৰি, সুধীৰ বাৰণৱাল নামৰ এজন লোকৰ ঘৰৰ তলৰ মহলাত এক্সিছ বেংকৰ এটা শাখাত থকা এটিএম ডকাইতি কৰাৰ উদ্দেশ্যে ডকাইতৰ এটা দল গেছ কাটাৰ, এলপিজি চিলিণ্ডাৰ আৰু হাতুৰী লৈ নিশাৰ আন্ধাৰত উপস্থিত হয়। ডকাইতে এটিএম যন্ত্ৰটো প্ৰায় কাটিবলৈ সক্ষম হৈছিল, কিন্তু তেওঁলোকে ডকাইতি সম্পূৰ্ণ কৰাৰ আগতে সুধীৰৰ পোহনীয়া কুকুৰ চাম্বাই এনেকৈ ভুকিবলৈ আৰম্ভ কৰিছিল যে চাৰিওফালৰ মানুহ ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছিল। মানুহ দেখি ডকাইতে সঁজুলিবোৰ এৰি তাৰ পৰা পলাই গৈছিল।
নাজিৰ আখতাৰ নামৰ আৰক্ষী বিষয়াগৰাকীৰ মতে, বেংকটোত ২৭ লাখ টকা আছিল। অচিনাক্ত ডকাইতসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আজিকালি ঝাৰখণ্ডত এনে কিছুমান ডকাইতৰ দল সক্ৰিয় হৈ আছে, যিয়ে এটিএম লুণ্ঠন কৰি আহিছে।
Published by: Gautam Barman
FIRST PUBLISHED : July 06, 2022, 19:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।