মেলেৰীয়াৰ পৰীক্ষা কৰিবলৈ যোৱা পুৰুষক পৰীক্ষাগাৰে দিলে গৰ্ভৱতী হোৱাৰ ৰিপ’ৰ্ট

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্বাস্থ্য বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। স্বাস্থ্য বিভাগৰ দলটোৱে তিনিখন পৰীক্ষাগাৰ ছীল কৰি দিয়ে।

News18-Assam
Updated:July 7, 2019, 5:49 PM IST
মেলেৰীয়াৰ পৰীক্ষা কৰিবলৈ যোৱা পুৰুষক পৰীক্ষাগাৰে দিলে গৰ্ভৱতী হোৱাৰ ৰিপ’ৰ্ট
সাংকেতিক ফটো
News18-Assam
Updated: July 7, 2019, 5:49 PM IST
মধ্য প্ৰদেশত সংঘটিত হৈছে এক আজৱ ঘটন। ৰাজ্যখনৰ ভিণ্ডত মেলেৰীয়াৰ পৰীক্ষা কৰিবলৈ যোৱা এজন লোকক পৰীক্ষাগাৰে দিলে গৰ্ভৱতী হোৱাৰ ৰিপ’ৰ্ট। এই ঘটনাৰ পিছত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ঘটনাস্থলীত উপস্থিত হৈ স্বাস্থ্য বিভাগৰ বিষয়াই তিনিটা পৰীক্ষাগাৰ ছীল কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ পিছতে পেথ’লজী সঞ্চালক আৰু চিকিৎসকে ক্লিনিক এৰি পলায়ন কৰা বুলি জানিব পৰা গৈছে।

ফুপৰ বাসিন্দা সুৰেশ জাটৱ নামৰ লোকজন তিনিমাহ ধৰি অসুস্থ হৈ আছিল। সুৰেশে স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে ডাঃ ভি কে বাৰ্মাৰ ক্লিনিকত উপস্থিত হয়। তাৰ পৰা তেওঁক মেলেৰিয়াৰ পৰীক্ষা কৰিবলৈ শ্যাম পেথ’লজী নামৰ পৰীক্ষাগাৰলৈ পঠিওৱা হয়। সুৰেশে পৰীক্ষাগাৰটোত উপস্থিত হোৱাৰ পিছত তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰে। কিন্তু পৰীক্ষাগাৰে লোকজনক প্ৰদান কৰা ৰিপ’ৰ্ট চাই চিকিৎসকৰ চকু কপালত উঠিল। কিয়নো ৰিপ’ৰ্টত লোকজন গৰ্ভৱতী বুলি উল্লেখ কৰা হৈছিল। এই ঘটনাৰ পিছতে চিকিৎসকজনে ক্লিনিক বন্ধ কৰি পলায়ন কৰে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্বাস্থ্য বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। স্বাস্থ্য বিভাগৰ দলটোৱে তিনিখন পৰীক্ষাগাৰ ছীল কৰি দিয়ে। ইফালে, ভুক্তভোগী লোকজনে কয় যে পৰীক্ষাগাৰৰ ৰিপ’ৰ্টত গৰ্ভৱতী বুলি উল্লেখ কৰা ঘটনা পোহৰলৈ অহাৰ পিছতে পৰীক্ষাগাৰৰ সঞ্চালক ঘৰলৈ আহি ৰিপ’ৰ্ট লৈ পলায়ন কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি