লকডাউনত চাকৰি গ’ল, পৰকীয়া প্ৰেমত মচগুল পত্নী, জীৱনেই শেষ কৰি দিলে স্বামীয়ে

News18 Assam | News18-Assam
Updated:June 29, 2020, 8:00 PM IST
লকডাউনত চাকৰি গ’ল, পৰকীয়া প্ৰেমত মচগুল পত্নী, জীৱনেই শেষ কৰি দিলে স্বামীয়ে
সাংকেতিক ফটো

হতাশাগ্ৰস্ত হৈ অৱসাদৰ গভীৰ তলিত অৱগাহন কৰা এজন ব্যক্তিয়ে জীৱনৰ প্ৰতি সকলো মোহ ত্যাগ কৰি চৰম পথ গ্ৰহণ কৰে। 

  • Share this:
লকডাউনত একমাত্ৰ সম্বল চাকৰিটো গুচি গ’ল। তাতে কণমানি শিশু পুত্ৰৰ মৃত্যুৰ শোকত এতিয়াও দগ্ধ হৃদয়। ইয়াৰ মাজতে পৰকীয়া প্ৰেমত মচগুল স্ত্ৰীৰ কাণ্ডই মৰ্মাহত কৰি তুলিছিল ব্যক্তিজনক। সহিব নোৱাৰি ব্যক্তিজনে ল’লে চৰম পন্থা। কলকাতাৰ হৰিদেৱপুৰত যুৱকৰ অস্বাভাৱিক মৃত্যুৰ পিছত উদ্ধাৰ হৈছে ছুইছাইড নোট।

এই আত্মহত্যাৰ টোকাত পত্নীৰ পৰকীয়া প্ৰেমৰ উল্লেখ কৰিছে প্ৰয়াত কাজল দাস নামৰ ব্যক্তিজনে। উল্লেখ্য যে, যোৱা কালীপূজাৰ সময়ত ফটকা জ্বলাবলৈ গৈ পুত্ৰৰ কৰুণ মৃত্যু হৈছিল। ইয়াৰ পিছৰে পৰা মানসিক অৱসাদত ভুগিছিল ব্যক্তিজনে। আৰক্ষীৰ প্ৰাথমিক অনুমান অৱসাদৰ কাৰণেই এই ঘটনা।

বেচৰকাৰী কোম্পানী এটাত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল কাজলে। লকডাউনত চাকৰি গৈছিল। অন্য কোনো উপাৰ্জনৰ বাট নথকা কাজলৰ পত্নীয়ে আত্মীয়ৰ ঘৰত ৰন্ধা–বঢ়াৰ কাম কৰিবলৈ লয়। কাজলে লিখা মতে, পত্নীয়ে আত্মীয়ৰ ঘৰত নহয় পৰকীয়া প্ৰেমিকৰ ঘৰত কাম কৰিবলৈ লৈছিল।

আপত্তি কৰাৰ পিছতো সেই ঘৰত কাম এৰিবলৈ ৰাজী নোহাৱা পত্নীয়ে তেওঁক এৰি সেই ব্যক্তিজনৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিছিল। দেওবাৰে চিপ লোৱা অৱস্থাত ব্যক্তিজনৰ মৃতদেহ ঘৰত উদ্ধাৰ হয়। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত আত্মহত্যা বুলিয়ে ধাৰণা কৰা হৈছে।
First published: June 29, 2020, 8:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading