Delhi Violence: হিন্দু মৰিল, মুছলমান মৰিল, লাভ কাৰ হ’ল? মন্তব্য মুখ্যমন্ত্ৰী কেজৰিৱালৰ

News18 Assam | News18-Assam
Updated:February 27, 2020, 7:24 AM IST
Delhi Violence: হিন্দু মৰিল, মুছলমান মৰিল, লাভ কাৰ হ’ল? মন্তব্য মুখ্যমন্ত্ৰী কেজৰিৱালৰ
দিল্লী হিংসাত এই পৰ্যন্ত ২২জন লোকৰ মৃত্যু হৈছে আৰু আনুষ্ঠানিকভাৱে ১৮৯জন লোক এই হিংসাত আহত হৈছে।

দিল্লী হিংসাত এই পৰ্যন্ত ২২জন লোকৰ মৃত্যু হৈছে আৰু আনুষ্ঠানিকভাৱে ১৮৯জন লোক এই হিংসাত আহত হৈছে।

  • Share this:
কমাৰ পৰিৱৰ্তে ৰাজধানীত ক্ৰমাৎ দপদপাইহে জ্বলিছে অশান্তিৰ জুইকুৰা। উত্তৰ পূৱ দিল্লীৰ বিভিন্ন এলেকা হৈ পৰিছে ৰণক্ষেত্ৰ। অব্যাহত থকা হিংসাক একাংশই ৰাজনৈতিক ৰূপ দিবলৈও চেষ্টা কৰিছে। বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে দিল্লীৰ কেজৰিৱাল চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ হিংসাত তৃতীয় পক্ষৰ হাত থকা বুলি দাবী কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ‘সাধাৰণ মানুহ কেতিয়াও হিংসাৰ পক্ষপাতি নহয়। হিংসাই সকলোৰে ক্ষতি কৰে।’

দিল্লী হিংসাত নিহত হোৱা হেড কনিষ্টবল ৰতনলালৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মৃতকৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহাৰ্য ঘোষণা কৰে। আনকি মঙলবাৰে ৰতনলালৰ বাসগৃহত উপস্থিত হৈছিল কেজৰিৱাল।

দিল্লীৰ হিংসাক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয় যে, ‘এই পৰিস্থিতিত তৃতীয় পক্ষৰ হাত আছে। দিল্লীৰ মানুহ কেতিয়াও হিংসাৰ পক্ষপাতি নহয়। হেড কনিষ্টবল ৰতনলালৰ বলিদান অথলে নাযায়। হিংসাই সকলো পক্ষৰে ক্ষতি কৰে। হিংসাত হিন্দু–মুছলমান দুয়োটা ধৰ্মৰে মানুহৰ মৃত্যু হৈছে। এনে হৈ থাকিলে আধুনিক দিল্লী কেনেকৈ সম্ভৱ হ’ব? হিংসাৰ ৰাজনীতি কোনো কাৰণতে মানি ল’ব নোৱাৰি।’
আৰু চাওক
পৰৱৰ্তী বাতৰি