• Home
  • »
  • News
  • »
  • nation
  • »
  • অৱশেষত কোৰোণাৰ পৰা মুক্তি পোৱাৰ পথত দেশ! জানুৱাৰীৰ পৰা উপলব্ধ হ’ব ভেকচিন!

অৱশেষত কোৰোণাৰ পৰা মুক্তি পোৱাৰ পথত দেশ! জানুৱাৰীৰ পৰা উপলব্ধ হ’ব ভেকচিন!

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে লগতে জনাইছে যে, দেশত কোৰোণাৰ ভেকচিনকলৈ জোৰদাৰ গতিত কাম চলিছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে লগতে জনাইছে যে, দেশত কোৰোণাৰ ভেকচিনকলৈ জোৰদাৰ গতিত কাম চলিছে।

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে লগতে জনাইছে যে, দেশত কোৰোণাৰ ভেকচিনকলৈ জোৰদাৰ গতিত কাম চলিছে।

  • Share this:
দেশত প্ৰতিদিনাই বাঢ়ি আছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। তাৰ মাজতে আহিছে এটা আশাপ্ৰদ খবৰ। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ হৰ্ষবৰ্ধনে জনাইছে যে, ‘দেশত এতিয়া কোৰোণাৰ মহামাৰীৰৰ সংক্ৰমণ লাহে লাহে নাইকীয়া হৈ আহিছে। অনুমান কৰিব পাৰি যে, অহা জানুৱাৰীৰ পৰা দেশৰ নাগৰিকক কোৰোণাৰ টিকা প্ৰদান কৰা হ’ব।’

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে লগতে কৈছে যে, ‘দেশত এতিয়া জোৰদাৰ গতিত কোৰোণা ভেকচিন প্ৰস্তুতৰ কাম-কাজ চলিছে। ভেকচিন প্ৰস্তুত আৰু ৰিচাৰ্চৰ ক্ষেত্ৰত ভাৰত সকলো সময়তে আগত আছে। কিন্তু কোৰোণাৰ ভেকচিনৰ কি কি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে, সেই লৈ নিশ্চিত হ’ব পৰা নাই কাৰণেই এতিয়ালৈকে ভেকচিন মানৱ শৰীৰত প্ৰয়োগ কৰা নাই।’

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে জনাইছে যে, কেইমাহ মানৰ আগত দেশত কোৰোণাৰ সক্ৰিয় ৰোগী আছিল ১০ লাখ। কিন্তু এতিয়া এই সংখ্যা হ্ৰাস পাই ৩ লাখ হৈছেগৈ। দেশত বৰ্তমানলৈকে ১ কোটি লোক আক্ৰান্ত হৈছে কোৰোণাত। তাৰে ভিতৰত ৯৫ লাখতকৈ অধিক ৰোগী সুস্থ হৈ উঠিছে। ভাৰতৰ ৰিকভাৰি ৰেট বিশ্বৰ ভিতৰতে সৰ্বোচ্চ। ডা০ হৰ্ষবৰ্ধনে লগতে কয় যে, বিগত ১০ মাহ ধৰি যি সংকটৰ মাজত দেশ থাকিবলগীয়া হৈছিল, সেয়া এতিয়া শীঘ্ৰে ওৰ পৰিব।‘

টিকাকৰণৰ পদ্ধতি আৰু প্ৰক্ৰিয়াৰ সন্দৰ্ভত ৪ মাহ ধৰি ৰাজ্যসমূহৰ সৈতে বৈঠকত মিলিত হৈ আহিছে কেন্দ্ৰীয় চৰকাৰ। সকলোৱে যাতে সুৰক্ষিত ভাবে ভেকচিন ল’ব পাৰে, তাৰ বাবে ২৬০ খন জিলাত ২০ হাজাৰ কৰ্মীক প্ৰশিক্ষণ দিয়া হৈছে।
Published by:Himangshu Bhuyan
First published: