• Home
  • »
  • News
  • »
  • nation
  • »
  • সোমবাৰৰ পৰা দেশত দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ, এইসকল লোকে লাভ কৰিব কোৰোণাৰ ভেকচিন

সোমবাৰৰ পৰা দেশত দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ, এইসকল লোকে লাভ কৰিব কোৰোণাৰ ভেকচিন

১০ হাজাৰ চৰকাৰী কেন্দ্ৰত দিবলগীয়া এই টীকা বিনামূলীয়া হ'ব যদিও ব্যক্তিগত চিকিৎসালয়ত যিসকলে এই টীকা গ্ৰহণ কৰিব তেওঁলোকে ইয়াৰ বাবে ধন দিব লাগিব।

১০ হাজাৰ চৰকাৰী কেন্দ্ৰত দিবলগীয়া এই টীকা বিনামূলীয়া হ'ব যদিও ব্যক্তিগত চিকিৎসালয়ত যিসকলে এই টীকা গ্ৰহণ কৰিব তেওঁলোকে ইয়াৰ বাবে ধন দিব লাগিব।

১০ হাজাৰ চৰকাৰী কেন্দ্ৰত দিবলগীয়া এই টীকা বিনামূলীয়া হ'ব যদিও ব্যক্তিগত চিকিৎসালয়ত যিসকলে এই টীকা গ্ৰহণ কৰিব তেওঁলোকে ইয়াৰ বাবে ধন দিব লাগিব।

  • Share this:
দেশত তীব্ৰগতিত চলি আছে মহামাৰী কোৰোণাৰ ভেকচিন প্ৰদানৰ কাম। প্ৰথম পৰ্যায়ৰ সফলতাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে দ্বিতীয় পৰ্যায়ৰ ভেকচিন প্ৰদান সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ঘোষণা।

১ মাৰ্চ অৰ্থাৎ সোমবাৰৰ পৰা দেশত আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ, য'ত ৬০ বছৰৰ ঊৰ্ধ্বৰ ১০ কোটি লোকক আৰু ৪৫ বছৰৰ ঊৰ্ধ্বৰ লোকক, যিসকল অন্য কোনো ৰোগত আক্ৰান্ত তেওঁলোকক ভেকচিন প্ৰদান কৰা হ'ব।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে কয় যে, ১০ হাজাৰ চৰকাৰী কেন্দ্ৰ আৰু ২০ হাজাৰতকৈ অধিক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত প্ৰদান কৰা হ’ব কোভিডৰ ভেকচিন। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই পৰ্যায়ত মুঠ প্ৰায় ২৭ কোটি লোকক টীকাকৰণ কৰা হ'ব।

এই ভেকচিন গ্ৰহণৰ বাবে যিহেতু ৪৫ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ ক্ষেত্ৰত অন্য ৰোগত আক্ৰান্তসকলক প্ৰাধান্য দিয়া হৈছে, তেনেস্থলত কোভিড ভেকচিন গ্ৰহণৰ বাবে  তেওঁলোকে অন্য ৰোগত আক্ৰান্ত হৈ থকাৰ মেডিকেল প্ৰমাণ পত্ৰৰ তথ্য দিব লাগিব। টীকা গ্ৰহণৰ সময়তো জমা দিব লাগিব এই প্ৰমাণ পত্ৰ।

এক সূত্ৰৰ তথ্য অনুসৰি, ৰোগৰ তালিকা আগন্তুক দুটা দিনৰ ভিতৰত চূড়ান্ত কৰা হ'ব আৰু মুকলি কৰা হ'ব যদিও হৃদযন্ত্ৰ, হাওঁফাওঁ, বৃক্ক আৰু যকৃতৰ দীৰ্ঘদিনীয়া ৰোগৰ লগতে ডায়েবেটিছ, কৰ্কট ৰোগ, তীব্ৰ হাপানি, আৰু মানসিক ৰোগ অন্তৰ্ভুক্ত থাকিব পাৰে এই তালিকাত।

কেন্দ্ৰীয় মন্ত্ৰী জাভৰেকাৰে কয় যে, ১০ হাজাৰ চৰকাৰী কেন্দ্ৰত দিবলগীয়া এই টীকা বিনামূলীয়া হ'ব যদিও ব্যক্তিগত চিকিৎসালয়ত যিসকলে এই টীকা গ্ৰহণ কৰিব তেওঁলোকে ইয়াৰ বাবে ধন দিব লাগিব। ইয়াৰ মূল্য কিমান হ'ব সেয়াও দুই এদিনতে ঘোষণা কৰা হ'ব।

চৰকাৰে পূৰ্বে কৈছিল যে, টীকা গ্ৰহণৰ বাবে পঞ্জীয়ন কৰাত সহায়ক হোৱাকৈ আৰু নিকটতম টীকাকৰণ কেন্দ্ৰ চিনাক্ত কৰিবলৈ ম'বাইল এপ - CoWin ব্যৱহাৰ কৰিব পাৰিব সাধাৰণ লোকে।

যদিও এপটো বৰ্তমানে "সুবিধা স্তৰৰ ব্যৱহাৰকাৰী" বা চৰকাৰী কৰ্মচাৰী আৰু ব্যৱহাৰকাৰীৰ মাজতে সীমাবদ্ধ। জনসাধাৰণৰ বাবে এই এপ উপলব্ধ হোৱাৰ পিছতে আধাৰ কাৰ্ডৰ পৰা বিৱৰণৰ সৈতে পঞ্জীয়ন কৰাৰ লগতে ফটো আই ডি আৰু তাৰ পিছত স্বাক্ষৰিত চিকিৎসা প্ৰমাণপত্ৰ আপলোড কৰিব পাৰিব ৰাইজে। লগতে নিকটৱৰ্তী কেন্দ্ৰত ভেকচিন বুক কৰিব পাৰিব।

কিন্তু কেতিয়ালৈ পঞ্জীয়ন খোলা হ'ব, সেই ক্ষেত্ৰ এতিয়াও কোনো স্পষ্টকৈ প্ৰকাশ কৰা হোৱা নাই। সূত্ৰ অনুসৰি, চিকিৎসা প্ৰমাণপত্ৰৰ ফৰ্মেট শীঘ্ৰেই ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব আৰু  ই স্থানীয় ভাষাতো উপলব্ধ হ'ব।

উল্লেখ্য যে, ভাৰত চৰকাৰে ১৬ জানুৱাৰীৰ দেশত কোভিডৰ টীকাকৰণ অভিযান আৰম্ভ কৰিছিল আৰু এই সময়তে চৰকাৰে কোভেক্সিন আৰু কোভিছিল্ড ভেকচিনক মঞ্জুৰি প্ৰদান কৰিছিল।
Published by:Sanjay Kumar Das
First published: