শুনিবলৈ পোৱা যায়, চৰকাৰী কৰ্মচাৰীসকলে অৱসৰৰ পিছত পেঞ্চন লাভ কৰে। কিন্তু এতিয়া উত্তৰ পূৱৰ এখন ৰাজ্যই সাংবাদিকসকলৰ বাবে পেঞ্চন আঁচনি অনাৰ কথা ঘোষণা কৰিছে। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই কৈছে যে, তেওঁৰ চৰকাৰে শীঘ্ৰেই কৰ্মৰত সাংবাদিকসকলৰ বাবে এখন পেঞ্চন আঁচনি আৰম্ভ কৰিব।
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই লগতে কয় যে, তেওঁৰ চৰকাৰে ৰাজ্যখনত সাংবাদিক তথা লেখকসকলৰ প্ৰচাৰৰ লগতে সহায় কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মিজোৰাম সাংবাদিক সন্থাৰ (এমজেএ) সোণালী জয়ন্তী উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই কয়, "আমাৰ চৰকাৰে সাংবাদিকসকলৰ কল্যাণক অগ্ৰাধিকাৰ দিয়ে আৰু শীঘ্ৰেই তেওঁলোকক লাভান্বিত কৰিবলৈ পেঞ্চন আঁচনি আৰম্ভ কৰিব। ইতিমধ্যে এই সন্দৰ্ভত প্ৰক্ৰিয়া চলি আছে।" এই তথ্য পিটিআইয়ে শ্বেয়াৰ কৰিছে।
অন্যান্য প্ৰতিবেদন অনুসৰি, মিজোৰামৰ এমএনএফ চৰকাৰে ২০২২-২৩ৰ বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যখনৰ মুখ্য কাৰ্যসূচী আৰ্থ-সামাজিক উন্নয়ন নীতি (এছইডিপি) ৰূপায়ণ কৰিব।
এছ.ই.ডি.পি. হৈছে মিজো নেচনেল ফ্ৰণ্ট (এম.এন.এফ.) চৰকাৰৰ মুখ্য কাৰ্যসূচী যাৰ উদ্দেশ্য হৈছে সম্পদৰ অন্বেষণ আৰু ন্যায়সঙ্গত ব্যৱহাৰৰ জৰিয়তে গুৰুত্বপূৰ্ণ খণ্ডবোৰত উন্নয়ন ত্বৰান্বিত কৰি আৰু মিজোৰামক এক কল্যাণমূলক ৰাজ্যলৈ ৰূপান্তৰ কৰি নিৰন্তৰ বিকাশৰ পথলৈ আগবঢ়াই নিয়া।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|