Pegasus spyware Missile System: এতিয়ালৈকে, ভাৰত চৰকাৰ বা ইজৰাইল চৰকাৰে স্বীকাৰ কৰা নাই যে ভাৰতে পেগাচাছ ক্ৰয় কৰিছে।
Pegasus spyware Missile System: এতিয়ালৈকে, ভাৰত চৰকাৰ বা ইজৰাইল চৰকাৰে স্বীকাৰ কৰা নাই যে ভাৰতে পেগাচাছ ক্ৰয় কৰিছে।
সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ আগে আগে পুনৰ চৰ্চালৈ আহিছে পেগাছাছ (Pegasus espionage case)। ইজৰাইলী স্পাইৱেৰ পেগাচাছ চোৰাংচোৱা গোচৰৰ বিষয়টোক লৈ দেশত চলি থকা তৰ্কৃ-বিতৰ্কৰ মাজতে সংবাদ সংস্থা নিউয়ৰ্ক টাইমছে শুকুৰবাৰে প্ৰকাশ কৰিছে যে ভাৰত চৰকাৰে মিছাইল প্ৰণালীকে ধৰি প্ৰতিৰক্ষা চুক্তিৰ (India Israel 2017 defence deal) বাবে ২ বিলিয়ন ডলাৰ (প্ৰায় ১৫,০০০ কোটি টকা) পেকেজৰ অংশ হিচাপে ২০১৭ চনত ইজৰাইলী স্পাইৱেৰ পেগাচাছ ক্ৰয় কৰিছিল। প্ৰতিবেদনখনত ২০১৭ চনৰ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণৰ কথাও উল্লেখ কৰা হৈছিল। এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ইজৰাইললৈ এইটো প্ৰথম ভ্ৰমণ আছিল।
ইংৰাজী বাতৰি কাকতখনে (The New York Times) প্ৰকাশ কৰিছিল যে এবছৰ ধৰি চলি থকা অনুসন্ধানত প্ৰকাশ পাইছে যে ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেচন (FBI)য়েও স্পাইৱেৰটো ক্ৰয় কৰিছিল। এফবিআয়ে ঘৰুৱা নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনাৰ অংশ হিচাপে কেইবা বছৰ ধৰি ইয়াৰ পৰীক্ষা কৰিছিল, কিন্তু যোৱা বছৰ অনুসন্ধানকাৰী সংস্থাটোৱে পেগাচাছৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।
প্ৰতিবেদনখনে লগতে বৰ্ণনা কৰিছে কেনেকৈ বিশ্বজুৰি স্পাইৱেৰ ব্যৱহাৰ কৰা হৈছিল। প্ৰতিবেদন মতে, মেক্সিকোৱে সাংবাদিক আৰু ভিন্ন মতাৱলম্বীসকলক লক্ষ্য কৰি লৈছিল, চৌদি আৰৱে মহিলা অধিকাৰ কৰ্মী আৰু স্তম্ভলেখক জামাল খাশোগিৰ সহকৰ্মীসকলৰ বিৰুদ্ধে ইয়াৰ ব্যৱহাৰ কৰিছিল।
ভাৰত চৰকাৰৰ কি স্থিতি?
এতিয়ালৈকে, ভাৰত চৰকাৰ বা ইজৰাইল চৰকাৰে স্বীকাৰ কৰা নাই যে ভাৰতে পেগাচাছ ক্ৰয় কৰিছে। মিডিয়া গোটৰ এটা গোলকীয় সংগঠনে ২০২১ চনৰ জুলাই মাহত প্ৰকাশ কৰিছিল যে স্পাইৱেৰ বিশ্বৰ কেইবাখনো চৰকাৰে বিৰোধী, সাংবাদিক, ব্যৱসায়ী আদিৰ ওপৰত চোৰাংচোৱাৰ বাবে ব্যৱহাৰ কৰিছিল।
উল্লেখ্য, যোৱা বছৰ এটা বিতৰ্কৰ সৃষ্টি হৈছিল যে কিছুমান দেশৰ চৰকাৰে ভাৰতকে ধৰি কেইবাখনো দেশৰ সাংবাদিক, মানৱ অধিকাৰ ৰক্ষক, ৰাজনীতিবিদ আৰু আনসকলৰ ওপৰত চোৰাংচোৱাৰ বাবে এনএছঅ' গোটৰ পেগাচাছ ছফ্টৱেৰ ব্যৱহাৰ কৰিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|