ভাৰত চৰকাৰৰ সৈতে চুক্তি অসম্ভৱ, NSCN-IM-এ কৰিলে চূড়ান্ত ঘোষণা

News18 Assam | News18-Assam
Updated:October 14, 2020, 5:51 PM IST
ভাৰত চৰকাৰৰ সৈতে চুক্তি অসম্ভৱ, NSCN-IM-এ কৰিলে চূড়ান্ত ঘোষণা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোনকালে বিচাৰিছে নগা সকলো বিদ্ৰোহী গোটৰে এক উমৈহতীয়া চুক্তিৰ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোনকালে বিচাৰিছে নগা সকলো বিদ্ৰোহী গোটৰে এক উমৈহতীয়া চুক্তিৰ৷

  • Share this:
অখণ্ড ভাৰতৰ আৰ্হিত নগা সকলো বিদ্ৰোহী সংগঠনৰ সৈতে কম দিনৰ ভিতৰতে ভাৰত চৰকাৰে কৰিব বিচাৰিছে চূড়ান্ত চুক্তি৷ কিন্তু পৃথক পতাকা আৰু সংবিধান অবিহনে চূড়ান্ত চুক্তি কৰিবলৈ নাৰাজ শক্তিশালী নগা বিদ্ৰোহী সংগঠন NSCN-IM৷

কোনো বুজনিয়ে কাম দিয়া নাই৷ কাম দিয়া নাই দৈনিক চলা আলোচনাই৷ নিজৰ স্থিতিত অটল NSCN-IM৷ বিগত আগষ্টৰ পৰা নতুন দিল্লীত বাহৰ পাতি থকা NSCN-IMৰ শীৰ্ষ নেতৃত্বক বলে পৰা নাই ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোনকালে বিচাৰিছে নগা সকলো বিদ্ৰোহী গোটৰে এক উমৈহতীয়া চুক্তিৰ৷ সেই হিচাপত মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে গ্ৰহণ কৰা সবল স্থিতিৰ বিপৰীতে গ'ল NSCN-IM৷ ৰবিৰ সৈতে আলোচনা চলোৱাৰ সলনি ইণ্টেলিজেন্স ব্যূৰ’ৰ সঞ্চালক আৰু অতিৰিক্ত সঞ্চালকৰ সৈতে থুইংগালেং মুইভাৰ নেতৃত্বত NSCN-IM–এ বিগত আগষ্ট মাহৰ পৰা চলাই আছে আলোচনা৷

কিন্তু সফলতাৰ কোনো উমঘামেই নাই এই লানিনিচিঙা আলোচনাত৷ ইয়াৰ মাজতে NSCN-IMৰ অধ্যক্ষ কিউ টুছুয়ে কৰিলে সংগঠনৰ তৰফৰ পৰা শেষৰটো ঘোষণা৷ অধ্যক্ষ কিউ টুছুয়ে ক'লে- “পৃথক পতাকা আৰু পৃথক সংবিধান নগাৰ ঐতিহাসিক অধিকাৰ৷ পৃথক পতাকা-সংবিধান অবিহনে চুক্তি অসম্ভৱ৷ ইতিহাসৰ পুনঃ ভুল নকৰে NSCN-IM–এ৷”

উল্লেখযোগ্য যে ২০১৫ৰ তিনি আগষ্টত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত স্বাক্ষৰিত হৈছিল ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ৷ সেই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ পিছত কেম্প হেব্ৰনত থুইংগালেং মুইভাই News18ক জনাইছিল- “ভাৰতে নগাৰ স্বকীয় ইতিহাসক স্বীকাৰ কৰি লৈছে৷ এতিয়াৰে পৰা নাগালেণ্ড আৰু ভাৰত দুখন সুকীয়া ৰাষ্ট্ৰ৷ এই কথা লিখিতভাৱে দিছে ভাৰতে৷ এয়াই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট৷”

মুইভাৰ এই সদম্ভ ঘোষণা তথা স্থিতি বৰ্তমানেও হেৰফেৰ হোৱা নাই৷ ইয়াৰ মাজতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই নগাৰ সকলো জাতীয় দল-সংগঠনৰ সৈতে বৃহস্পতিবাৰে আহ্বান কৰিছে এক বৈঠকৰ৷ এই বৈঠকত NNPGs আৰু NSCN-IMৰ মাজত থকা মত-বিৰোধক দূৰ কৰিবলৈ চেষ্টা কৰা হ'ব৷

মুখ্যমন্ত্ৰী ৰিঅ'ৰ লগতে বিৰোধী NPFয়েও Political Affairs Mission মঞ্চৰ অধীনত দুয়োটা গোটক একত্ৰীকৰণৰ চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু এনেবোৰ প্ৰচেষ্টাৰ পূৰ্বে NSCN-IMৰ অধ্যক্ষই সংগঠনৰ স্থিতি স্পষ্ট কৰি দিয়াত সকলো অংকত আউল লাগিছে৷ ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশত নগা চুক্তিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে NEDAৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত NEDAৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই দুই নেতাৰ প্ৰচেষ্টা কিমান সফল হ'ব? সেয়া এই মূহূৰ্তত এক লাখটকীয়া প্ৰশ্ন৷
Published by: Sanjay Kumar Das
First published: October 14, 2020, 5:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading