দুঃসাহস, ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰোধিতাৰ নামত ভাৰতৰ সংবিধান ফালিলে PDPৰ সাংসদে

অধ্যক্ষই মাৰ্শ্বেল লগাই বাহিৰ কৰিলে সংসদৰ পৰা, পিডিপিৰ সাংসদ এম এম ফায়াজে প্ৰতিবাদৰ নামত ফালিলে গাৰ কাপোৰ

News18-Assam
Updated:August 6, 2019, 2:24 PM IST
দুঃসাহস, ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰোধিতাৰ নামত ভাৰতৰ সংবিধান ফালিলে PDPৰ সাংসদে
অধ্যক্ষই মাৰ্শ্বেল লগাই বাহিৰ কৰিলে সংসদৰ পৰা, পিডিপিৰ সাংসদ এম এম ফায়াজে প্ৰতিবাদৰ নামত ফালিলে গাৰ কাপোৰ
News18-Assam
Updated: August 6, 2019, 2:24 PM IST
ক্ষমতাৰ চুড়ান্ত অপপ্ৰয়োগ। যি সংবিধানৰ নামত শপত খাই সাংসদ হ’ল সেই সংবিধানকে ফালি চুড়ান্ত কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দিলে জম্মু–কাশ্মীৰৰ পিপল ডেমক্ৰেটিক দলৰ দুই সাংসদ নাজিৰ আহমেদ আৰু এম এম ফিয়াজে।

সোমবাৰে ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিছিল। অনুচ্ছেদ 35(A) ও প্ৰত্যাহাৰৰ প্ৰস্তাৱ। তাকে লৈ উত্তপ্ত হৈ পৰে ৰাজ্যসভাৰ মজিয়া। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰিবলৈ গৈ দুয়োগৰাকী সাংসদে ভাৰতীয় সংবিধান খন ফালি পেলোৱাৰ চেষ্টা কৰে।



দুই সাংসদৰ এনে কৰ্ম কাণ্ডৰ পিছতে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নায়ডুৱে মাৰ্শ্বেল লগাই সংসদৰ পৰা বাহিৰ কৰে দুয়োগৰাকী সাংসদক। পিছত  পিডিপিৰ সাংসদ এম এম ফায়াজে প্ৰতিবাদৰ নামত গাৰ কাপোৰ ফলাও দেখিবলৈ পোৱা যায়।




আৰু চাওক পৰৱৰ্তী বাতৰি