সংবিধানৰ প্ৰতিলিপি ফালি পেলোৱা পিডিপি সাংসদে হেৰুৱাব পাৰে নাগৰিকতা

ৰাষ্ট্ৰীয় পতাকা বা সংবিধান জ্বলোৱা, ফলা, বা যিকোনো প্ৰকাৰে ইয়াৰ অপমান কৰাটো অপৰাধ। ইয়াৰ কাৰণে নাগৰিকতা বাতিল কৰাৰ লগতে পিডিপি দুই সাংসদক তিনি বছৰৰ কাৰণে জেললৈ পঠিওৱা হ’ব পাৰে। 

News18-Assam
Updated:August 5, 2019, 8:30 PM IST
সংবিধানৰ প্ৰতিলিপি ফালি পেলোৱা পিডিপি সাংসদে হেৰুৱাব পাৰে নাগৰিকতা
ৰাষ্ট্ৰীয় পতাকা বা সংবিধান জ্বলোৱা, ফলা, বা যিকোনো প্ৰকাৰে ইয়াৰ অপমান কৰাটো অপৰাধ। ইয়াৰ কাৰণে নাগৰিকতা বাতিল কৰাৰ লগতে পিডিপি দুই সাংসদক তিনি বছৰৰ কাৰণে জেললৈ পঠিওৱা হ’ব পাৰে। 
News18-Assam
Updated: August 5, 2019, 8:30 PM IST
ভাৰতীয় নাগৰিকৰ প্ৰাথমিক কৰ্তব্য হৈছে ৰাষ্ট্ৰীয় প্ৰতীকৰ সন্মান কৰা। ইনছাল্ট টু নেচনেল ফ্লেগ এণ্ড কনষ্টিটিউশ্যন অৱ ইণ্ডিয়া, ১৯৭১ৰ মতে, যিকোনো ৰাজহুৱা ঠাইত বা এনে কোনো ঠাইত য’ত মানুহৰ দৃষ্টিগোচৰ হ’ব পাৰে, তাত ৰাষ্ট্ৰীয় পতাকা বা সংবিধান জ্বলোৱা, ফলা বা যিকোনো প্ৰকাৰে অপমান কৰাটো অপৰাধ। এনে অপৰাধ কৰা ব্যক্তিক তিনিবছৰ পৰ্যন্ত জে’ল হ’ব পাৰে। সংবিধান বা ৰাষ্ট্ৰীয় পতাকাৰ সুষ্ঠ আলোচনা অপমানৰ শ্ৰেণীভুক্ত নহয়।

ইয়াৰ লগতে নাগৰিকতা অধিনিয়ম, ১৯৫৫ৰ মতে কোনো ভাৰতীয় নাগৰিকে সংবিধানৰ অপমান কৰিলে বা তেওঁৰ কথা–বাৰ্তা বা আচৰণৰ পৰা যদি প্ৰমাণ হয় যে সংবিধানৰ প্ৰতি তেওঁৰ আস্থা নাই তেনেহ’লে তেওঁৰ নাগৰিকতা বাতিল পৰ্যন্ত হ’ব পাৰে।

উল্লেখযোগ্য যে, ৰাজ্যসভাত অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ প্ৰস্তাৱ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰাৰ সময়ত এই অপৰাধ কৰে পিডিপিৰ দুই সাংসদ এম এম ফায়াজ আৰু নাজিৰ আহমেদে ।সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰিছিল। অনুচ্ছেদ 35(A) ও প্ৰত্যাহাৰৰ প্ৰস্তাৱ। তাকে লৈ উত্তপ্ত হৈ পৰে ৰাজ্যসভাৰ মজিয়া। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰিবলৈ গৈ দুয়োগৰাকী সাংসদে ভাৰতীয় সংবিধানৰ প্ৰতিলিপি ফালি পেলোৱাৰ চেষ্টা কৰে। 

দুই সাংসদৰ এনে কৰ্ম কাণ্ডৰ পিছতে ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নায়ডুৱে মাৰ্শ্বেল লগাই সংসদৰ পৰা বাহিৰ কৰে দুয়োগৰাকী সাংসদক। পিছত  পিডিপিৰ সাংসদ এম এম ফায়াজে প্ৰতিবাদৰ নামত গাৰ কাপোৰ ফলাও দেখিবলৈ পোৱা যায়।




 

 
আৰু চাওক পৰৱৰ্তী বাতৰি