জল্লাদ পৱন সিঙে ক’লে – ফাঁচিৰ প্ৰস্তুতিৰ বাবে মাথোঁ দুদিনৰ প্ৰয়োজন, ৮ ডিচেম্বৰত আহি আছো দিল্লীলৈ!

News18 Assam | News18-Assam
Updated:December 4, 2019, 11:53 AM IST
জল্লাদ পৱন সিঙে ক’লে – ফাঁচিৰ প্ৰস্তুতিৰ বাবে মাথোঁ দুদিনৰ প্ৰয়োজন, ৮ ডিচেম্বৰত আহি আছো দিল্লীলৈ!
এতিয়া ফাঁচিৰ প্ৰস্তুতিৰ বাবে দুদিনেই যথেষ্ট। সকলোতকৈ বেছি সময় ৰছী প্ৰস্তুত কৰাত লাগিছিল, কিন্তু এতিয়া ৰছী ৰেডিমেড আহে।

এতিয়া ফাঁচিৰ প্ৰস্তুতিৰ বাবে দুদিনেই যথেষ্ট। সকলোতকৈ বেছি সময় ৰছী প্ৰস্তুত কৰাত লাগিছিল, কিন্তু এতিয়া ৰছী ৰেডিমেড আহে।

  • Share this:
হায়দৰাবাদত এগৰাকী চিকিৎসকক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰা ঘটনাৰ পিছতে দোষীক ফাঁচিৰ দাবী উঠিছে চৌদিশে। ইতিমধ্যে এজনত বাদে বাকী অভিযুক্তৰ আইনী প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। তিহাৰ জে’লত দোষীক ফাঁচি দিয়াৰ প্ৰস্তুতিক লৈও চলিছে ব্যাপক চৰ্চা। এই সন্দৰ্ভত NEWS18 হিন্দীয়ে কথা পাতিছিল দেশৰ একমাত্ৰ জল্লাদ পৱন সিঙৰ সৈতে।

হায়দৰাবাদৰ ঘটনাৰ দোষীক ফাঁচি দিয়াৰ প্ৰস্তুতি সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মেৰথৰ জল্লাদ পৱন সিঙে কয় যে এতিয়ালৈ মোলৈ আনুষ্ঠানিকভাৱে কোনো খবৰ অহা নাই। সঁচা ক’বলৈ গ’লে এতিয়া পূৰ্বৰ দৰে এই কামৰ বাবে ১০ দিন পূৰ্বে খবৰ দিয়া নহয়। এতিয়া ফাঁচিৰ প্ৰস্তুতিৰ বাবে দুদিনেই যথেষ্ট। সকলোতকৈ বেছি সময় ৰছী প্ৰস্তুত কৰাত লাগিছিল, কিন্তু এতিয়া ৰছী ৰেডিমেড আহে। অলপ ঠিকঠাক কৰিলেই হয়।

NEWS18 হিন্দীৰ সৈতে কথা–বতৰাত পৱন সিঙে কয় যে ৮ ডিচেম্বৰত দিল্লীলৈ গৈ আছো। ১০ ডিচেম্বৰলৈ দিল্লীত থাকিম। তিনিদিনৰ বাবে দিল্লীত কি কামৰ বাবে আহিব তাক লৈ বাৰম্বাৰ সোধাত কয় যে আন কামত নহয় এক বিবাহ অনুষ্ঠানত অংশ ল’বলৈহে দিল্লীলৈ আহিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি