‘ধৰ্ষণকাৰীক ফাঁচীত ওলোমাইহে নিৰ্ভয়াৰ মাতৃক দেখা কৰিম’, ক’লে পৱন জল্লাদে

News18 Assam | News18-Assam
Updated:January 8, 2020, 1:19 PM IST
‘ধৰ্ষণকাৰীক ফাঁচীত ওলোমাইহে নিৰ্ভয়াৰ মাতৃক দেখা কৰিম’, ক’লে পৱন জল্লাদে
ফাঁচী দিবলৈ ভয় নালাগে কিন্তু যিগৰাকী মায়ে সদায় চকুপানী কঢ়িয়াই ফুৰিছে তেওঁৰ চকুত চকু থবলৈ ভয় লাগে। 

ফাঁচী দিবলৈ ভয় নালাগে কিন্তু যিগৰাকী মায়ে সদায় চকুপানী কঢ়িয়াই ফুৰিছে তেওঁৰ চকুত চকু থবলৈ ভয় লাগে। 

  • Share this:
জল্লাদ শব্দটো শুনিলেই হয়তো বুকু দুৰু দুৰু কঁপে বহুতৰ। বিনা দ্বিধাই এজন মানুহক মৃত্যুৰ শাস্তি দিয়াটো তেওঁলোকৰ কাম। এজন জীৱন্ত মানুহৰ প্ৰাণ তেওঁলোকে সহজেই কাঢ়ি লয়। নিৰ্ভয়াৰ চাৰি ধৰ্ষণকাৰী পাষণ্ডৰ মৃত্যু পৰোৱানা জাৰি কৰিছে দিল্লীৰ পাটিয়ালা হাউচ কৰ্টে। কৰ্টৰ নিৰ্দেশ অনুসৰি ২২জানুৱাৰীৰ পুৱা ৭বজাত চাৰিটা ধৰ্ষকক ফাঁচীত ওলমোৱা হ’ব। এই চাৰি ধৰ্ষণকাৰীক যি ফাঁচীকাঠত ওলমাব তেওঁৰ নাম পৱন জল্লাদ।

সেই বিশেষ দিনটোৰ কাৰণে সাজু হৈছে পৱন জল্লাদ। তেওঁ কৈছে কাকো ফাঁচীকাঠত ওলমাবলৈ তেওঁৰ সমস্যা নহয় কিন্তু তেওঁ নিৰ্ভয়াৰ মাতৃ আশা দেৱীক সাক্ষাৎ কৰিব নোৱাৰে এতিয়াই।

নিৰ্ভয়া গেংগৰেপৰ দোষীক শাস্তি দিয়াবলৈ যিগৰাকী মাতৃয়ে ৮বছৰে দৈনিক যন্ত্ৰণা গিলি যি সংগ্ৰাম কৰিলে সেইগৰাকী মাতৃৰ সন্মুখত থিয় দিয়াৰ সাহস কৰিব নোৱাৰো মই, পৱন জল্লাদে কয়। ১৬ডিচেম্বৰ, ২০১২চনত দলৱদ্ধ বলাৎকাৰ কৰি অতি নৃশংসভাৱে হত্যা কৰা হৈছিল নিৰ্ভয়াক। এই অত বছৰে অসীম ধৈৰ্যৰে মাতৃ আৰু পৰিয়ালে চলালে আইনী যুঁজ। এই বেদনা ভোগ কৰাসকলৰ সন্মুখীন হোৱাৰ সাহস গোটাব পৰা নাই জল্লাদজনে।

পৱন জল্লাদে কয়, আটাইকেইটা পাষণ্ডক ফাঁচীকাঠত ওলমোৱাৰ পিছতহে আশাদেৱীৰ সন্মুখত যাব। পাষণ্ডক মৃত্যুদণ্ড দিয়াতকৈ অতি কঠিন নিগৃহীতাৰ মাতৃৰ যন্ত্ৰণাক্লিষ্ট চকুলৈ চোৱা, পৱন জল্লাদে কয়। 
আৰু চাওক
পৰৱৰ্তী বাতৰি