প্ৰেমিকাৰ সৈতে ভেলেণ্টাইন ডে’ পালন কৰিবলৈ যোৱা স্বামীক হাতে–লোটে ধৰিলে পত্নীয়ে, তাৰ পিছত...

News18 Assam | News18-Assam
Updated:February 14, 2020, 1:00 PM IST
প্ৰেমিকাৰ সৈতে ভেলেণ্টাইন ডে’ পালন কৰিবলৈ যোৱা স্বামীক হাতে–লোটে ধৰিলে পত্নীয়ে, তাৰ পিছত...
Photo : Amar Ujala

প্ৰেমিক আছিল বিবাহিত। আদবাটতে ল’গ পালে পত্নীক। তাৰ পিছতহে আৰম্ভ হ’ল নাটক।

  • Share this:
আজি ভেলেণ্টাইন ডে’, অৰ্থাৎ প্ৰেমৰ দিন। আজিৰ দিনটোতে প্ৰেমিক–প্ৰেমিকাই ইজনে আনজনক যাঁচে ৰঙা গোলাপ, শপত লয় জীৱনে–মৰণে একেলগে থকাৰ। কিন্তু প্ৰেমৰ দিনটোতে লটিঘটি হ’ল এহাল প্ৰেমিক–প্ৰেমিকাৰ। পুৱাই প্ৰেমিকাক লগ কৰিবলৈ বাইকখন লৈ ওলাই গৈছিল প্ৰেমিক। প্ৰেমিকাক ঘৰৰ পৰা লৈ বাইকেৰে গৈ আছিল কোনো ভাল লগা ঠাইলৈ। কিন্তু আদবাটতে লাগিল কেণা।

প্ৰেমিক আছিল বিবাহিত। আদবাটতে ল’গ পালে পত্নীক। তাৰ পিছতহে আৰম্ভ হ’ল নাটক। ৰাজপথতে চলিল পতি–পত্নীৰ তই তই–মই মই। চাওতে চাওতে ঘটনা ডাঙৰ হ’ল। এফালে পত্নী, আনফালে প্ৰেমিকা। লোকজনৰ অৱস্থা কি হ’ব পাৰে আপুনিয়েই ভাৱি চাওক।

ৰাজপথৰ ওপৰতে কাজিয়া, গোট খালে বহু লোক। আৰক্ষীৰ হস্তক্ষেপত শাম কাটিল কাজিয়া। কিন্তু পত্নীৰ মুখ জানো বন্ধ হ’ব? আৰক্ষীৰ আগত চিঞৰি চিঞৰি পত্নীয়ে ক’লে – তিনি বছৰ পূৰ্বে দুয়োৰে পৰিয়ালৰ সন্মতিত ধুমধামেৰে বিয়া হৈছিল। বিয়াৰ পিছত দুটা সন্তানো জন্ম হ’ল। কিন্তু তিনি বছৰ পিছত প্ৰেমৰ ভূতে পোৱাত সকলো পাহৰিলে তেওঁ।

আৰক্ষীৰ উপস্থিতিত মুখৰ মাত হৰিল প্ৰেমিক–প্ৰেমিকাৰ। ভেলেণ্টাইন ডে’ কেনচেল, থানা পালেগৈ ‘পতি–পত্নী ঔৰ ৱৌ’। আৰক্ষীৰ মতে, যদিহে স্বামী–স্ত্ৰীয়ে বুজাপৰাৰে নিষ্পত্তিলৈ আহে তেন্তে কোনো কথা নাই, কিন্তু স্বামীৰ বিৰুদ্ধে লিখিত অভিযোগ দিলে চলিব গোচৰ। ঘটনাটো বিহাৰৰ পাটনাৰ বেলী ৰোডৰ।
First published: February 14, 2020, 1:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading