বিজেপি আৰু জে ডি ইউৰ মাজত সম্পৰ্কৰ পুনৰ অৱনতি হোৱাৰ সুযোগ ল'ব বিচাৰিছে কংগ্ৰেছে। সেয়ে এতিয়া এনডিএৰ চৰকাৰ ভাঙি বিহাৰত বিজেপি বিৰোধী চৰকাৰ গঠনৰ বাবে তৎপৰ হৈছে কংগ্ৰেছ। অৱশ্যে কংগ্ৰেছে সমৰ্থন দিলেও বিহাৰত নীতিশ কুমাৰে চৰকাৰ গঠন কৰাটো সহজ ন'হব। কাৰণ বৰ্তমান চলি থকা এনডিএ চৰকাৰত নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ'লেও জোটবন্ধনত নীতিশ কুমাৰৰ দল জেডিইউৰ বিধায়কৰ সংখ্যা মাত্ৰ ৪৩খন। ইয়াৰ বিপৰীতে বিজেপিৰ বিধায়কৰ সংখ্যা ৭৪জন। কিন্তু তেজস্বী যাদৱৰ দল আৰজেডিৰ বিধায়কৰ সংখ্যা ৭৫জন। বিহাৰ বিধানসভাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ১৯জন হোৱাৰ বিপৰীতে বাওপন্থী বিধায়কৰ সংখ্যা ১২জন। বৰ্তমান বিহাৰৰ ৰাজনৈতিক সূত্ৰৰ পোৱা খবৰ অনুসৰি বিজেপিৰ সংগ এৰিলে নীতিশ কুমাৰক সমৰ্থন দিবলৈ সাঁজু আছে কংগ্ৰেছ আৰু বাওদলসমূহ। পিছে কংগ্ৰেছৰ ১৯ আৰু বাওপন্থীৰ ১২জন বিধায়কৰ সমৰ্থন লাভ কৰিলেও বিহাৰ বিধান সভাৰ মেজিক নম্বৰৰ পৰা বহু নিলগত থাকিব লাগিব নীতিশ কুমাৰ। সেয়ে বিহাৰত বিজেপিবিৰোধী চৰকাৰ গঠনৰ বাবে নীতিশে তেজস্বীৰ সমৰ্থন লাভ কৰাটো বাধ্যতামূলক। এই সন্দৰ্ভত নীতিশ কুমাৰৰ দলে তেজস্বী যাদৱৰ সৈতে যোগাযোগ কৰিছে যদিও বৰ্তমানলৈকে তেজস্বী যাদৱে নীতিশ কুমাৰক সমৰ্থন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই।
Published by: Kokil Sarma
FIRST PUBLISHED : August 09, 2022, 05:59 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।