• Home
  • »
  • News
  • »
  • nation
  • »
  • প্ৰসিদ্ধ মডেল মোনা ৰায়ৰ মৃত্যু, ঘৰৰ সন্মুখত গুলীয়াইছিল দুৰ্বৃত্তই

প্ৰসিদ্ধ মডেল মোনা ৰায়ৰ মৃত্যু, ঘৰৰ সন্মুখত গুলীয়াইছিল দুৰ্বৃত্তই

৩৬ বছৰীয়া মোনা ৰায় পেছাত এগৰাকী মডেল আছিল আৰু চহৰখনত তেওঁৰ সুনাম আছিল।

৩৬ বছৰীয়া মোনা ৰায় পেছাত এগৰাকী মডেল আছিল আৰু চহৰখনত তেওঁৰ সুনাম আছিল।

৩৬ বছৰীয়া মোনা ৰায় পেছাত এগৰাকী মডেল আছিল আৰু চহৰখনত তেওঁৰ সুনাম আছিল।

  • Share this:

বিহাৰৰ ৰাজধানী পাটনাৰ বিশিষ্ট মডেল মোনা ৰায়ৰ দেওবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।  মোনা ৰায়ক অলপতে নৱৰাত্ৰিত অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ ঘৰৰ সন্মুখত গুলীয়াইছিল। ঘটনাটোৰ পিছৰে পৰা তেওঁক ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল।


আৰক্ষীয়ে এতিয়ালৈকে হত্যাকাৰীৰ কোনো সূত্ৰ বিচাৰি পোৱা নাই। দুৰ্বৃত্তই জীয়েকৰ সন্মুখত গুলীচালনা কৰিছিল মোনা ৰায়ক। ৰাজ্যখনৰ ৰাজীৱ নগৰ আৰক্ষী থানা অঞ্চলৰ ৰামনগৰী বসন্ত কলনিৰ বাসিন্দা ৩৬ বছৰীয়া মোনা ৰায় পেছাত এগৰাকী মডেল আছিল আৰু চহৰখনত তেওঁৰ সুনাম আছিল।


ঘটনাটোক লৈ পাটনা আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কেৱল বহুকেইটা দিশত তদন্ত কৰা হৈছে বুলি উল্লেখ কৰিছে যদিও বিস্তৃতভাৱে একো জনোৱা নাই। হত্যাকাণ্ডৰ সৈতে প্ৰেমজনিত সম্পৰ্ক জড়িত থকাৰ সন্দেহ কৰা হৈছে।

Published by:Gautam Barman
First published: