• Home
  • »
  • News
  • »
  • nation
  • »
  • আজি পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে, মন্ত্ৰীপদৰ শপত ল’ব আন ৮ বিধায়কে!

আজি পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে, মন্ত্ৰীপদৰ শপত ল’ব আন ৮ বিধায়কে!

শপত গ্ৰহণ অনুষ্ঠান পাটনাস্থিত ৰাজভৱনত আয়োজন কৰা হ’ব।

শপত গ্ৰহণ অনুষ্ঠান পাটনাস্থিত ৰাজভৱনত আয়োজন কৰা হ’ব।

শপত গ্ৰহণ অনুষ্ঠান পাটনাস্থিত ৰাজভৱনত আয়োজন কৰা হ’ব।

  • Share this:
সোমবাৰে পুনৰ এবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে। সোমবাৰে পাটনাত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰৰ লগতে আন ৮ বিধায়কে মন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা আছে। সূত্ৰ অনুসৰি, বিজেপি আৰু জেডিইউৰ পৰা তিনিগৰাকীকৈ বিধায়কে মন্ত্ৰীপদৰ শপত ল’ব। আনহাতে, ভিআইপি আৰু হাম দলৰ পৰা এগৰাকীকৈ সদস্যক মন্ত্ৰিত্ব প্ৰদান কৰা হ’ব।


শপত গ্ৰহণ অনুষ্ঠান পাটনাস্থিত ৰাজভৱনত আয়োজন কৰা হ’ব। সূত্ৰ অনুসৰি, নীতিশ কুমাৰৰ উপৰি জেডিইউৰ পৰা বিজেন্দ্ৰ প্ৰসাদ যাদৱ, ভিআইপিৰ পৰা মুকেশ ছাহানী, হামৰ মুৰব্বী জিতন ৰাম মাঝিৰ পুত্ৰ আৰু এমএলচি ডাঃ সন্তোষ সুমনে মন্ত্ৰীপদৰ শপত লোৱাটো নিশ্চিত। ইয়াৰ উপৰি প্ৰেম কুমাৰ, মহেশ্বৰ হাজাৰীও সোমবাৰে মন্ত্ৰীপদৰ শপত লোৱাৰ সম্ভাৱনা আছে।
Published by:Sanjay Kumar Das
First published: