உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • 'মই IAS হব খোজো কিন্তু গুৰুজী বিদ্যালয়লৈ বহু পলমকৈ আহে, দেউতাই সুৰাপান কৰে'- বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰা চনু কুমাৰ আজি ষ্টাৰ!

    'মই IAS হব খোজো কিন্তু গুৰুজী বিদ্যালয়লৈ বহু পলমকৈ আহে, দেউতাই সুৰাপান কৰে'- বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰা চনু কুমাৰ আজি ষ্টাৰ!

    শেহতীয়াকৈ, বিহাৰৰ নালন্দাৰ বাসিন্দা চনু সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে।

    শেহতীয়াকৈ, বিহাৰৰ নালন্দাৰ বাসিন্দা চনু সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে।

    শেহতীয়াকৈ, বিহাৰৰ নালন্দাৰ বাসিন্দা চনু সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে।

    • Share this:
    শেহতীয়াকৈ, বিহাৰৰ নালন্দাৰ বাসিন্দা চনু সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে। কিছুদিন পূৰ্বে চনুৱে  মুখ্যমন্ত্ৰী নীতিশ কুমাৰক কৰা সাক্ষাৎকাৰে এতিয়া দখল কৰিছে সংবাদ শিৰোনাম।

    যোৱা শনিবাৰে ১২ বছৰীয়া চনুৱে নীতিশ কুমাৰক কৈছিল যে, 'মই আইএএছ হ'ব বিচাৰো। কিন্তু বিদ্যালয়লৈ শিক্ষক পলমকৈ আহে আৰু অলপ কথা পতাৰ পিছত আঁতৰি যায়। শিক্ষকজনে ইংৰাজী নাজানে। মোৰ দেউতাই সুৰাপান কৰে।'-যেতিয়া চনুৰ এই ভিডিঅ' ক্লীপ ভাইৰেল হৈ পৰিছিল, বহুতে তেওঁক সহায় কৰিব বুলি আশ্বাস দিছিল। কিন্তু এতিয়া যেন অতীত হ'ল এই কথা!

    বৃহস্পতিবাৰে পঞ্চম শ্ৰেণীত অধ্যয়নৰত শিশুটোৱে দিয়ে আন এক বিবৃতি। চনুৱে কৈছে যে, তেওঁ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক লগ পোৱাৰ বাবে অনুশোচনা কৰিছে। তেওঁ মুখ্যমন্ত্ৰীৰ পৰা নিৰাপত্তা বিচাৰিছে। কাৰণ মুখ্যমন্ত্ৰীৰ সন্মুখত দেউতাক আৰু শিক্ষাগুৰুৰ সন্দৰ্ভত কৰা মন্তব্যই এতিয়া ভীষণ অস্বস্ত্বিত পেলাইছে চনুক। কাৰণ চনুলৈ বাৰে বাৰে আহিছে ফোন। সাক্ষাৎকাৰ বিচাৰি আনকি ভীৰ কৰিছে বহুজনে। বৃহস্পতিবাৰে সংবাদ মাধ্যম উপস্থিত হোৱাৰ পিছত চনুৱে কাকোৱেই সাক্ষাৎকাৰ দিব নিবিচাৰে বুলি উল্লেখ কৰে।

    পঞ্চম শ্ৰেণীৰ ছাত্ৰ চনু হৰ্নাউত ব্লকৰ নীমা কোলৰ বাসিন্দা ৰণবিজয় যাদৱ আৰু লীলা দেৱীৰ পুত্ৰ। যোৱা শনিবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কল্যাণ বিঘাৰ ৰামলাখন বটিকাত তেওঁৰ পত্নী, পিতৃ আৰু মাতৃৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মধ্য বিদ্যালয় চৌহদৰ স্থানীয় লোকসকলৰ সমস্যাৰ বুজ লৈছিল। আৰু সেইসময়তে ভিৰৰ মাজৰ পৰা ওলাই চনু কুমাৰে সাক্ষাত কৰে মুখ্যমন্ত্ৰীগৰাকীক। আৰু সকলোৰে সন্মুখত নিজে সন্মুখীন হৈ অহা সমস্যাৰ কথা প্ৰকাশ কৰিছিল।
    Published by:Himangshu Bhuyan
    First published: