নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচিৰ পৰা ৰক্ষা কৰিবলৈ অধিবক্তাই যি পাৰে, যিমান পাৰে কৰিলে পিচে সকলো প্ৰচেষ্টাই ব্যৰ্থ হৈছে। ১ ফেব্ৰুৱাৰীৰ পুৱা ৬বজাৰ ফাঁচিৰ পূৰ্বে মৃত্যুদণ্ড স্থগিত ৰখা সকলো প্ৰয়াসত চেঁচাপানী ঢালিছে ন্যায়পালিকাই। ক্ষীপ্ৰতাৰে সকলো ক্ষমা আৱেদন আৰু অন্যান্য আৱেদন খাৰিজ কৰিছে ন্যায়পালিকাই। ইয়াৰ মাজতে উকীলৰ নিজা কুবুদ্ধি অব্যাহত। এইবাৰ নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী বিনয়ৰ অধিবক্তাই কৈছে–
তিহাৰৰ ভিতৰত তেওঁৰ ক্লায়েণ্টক ‘শ্ল’ পইজন’ দিয়া হৈছে! অধিবক্তা এ পি সিঙৰ মতে, তেওঁৰ মক্কেলক লেহেমীয়া বিহ দিয়া হৈছে আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় কিন্তু কোনো চিকিত্সা ৰিপ’ৰ্ট প্ৰদান কৰা হোৱা নাই। অৱশ্যে তিহাৰ জেল প্ৰশাসনে এই দাবীক সম্পূৰ্ণ মিছা আখ্যা দিছে।
এতিয়ালৈকে নথি–পত্ৰ প্ৰদান নকৰাৰ অভিযোগদৰাচলতে দোষী পৱন, অক্ষয় আৰু বিনয়ে এক আৱেদন দাখিল কৰিছে। তিনিওজনৰ একত্ৰিত অধিবক্তা এ পি সিঙে শণিবাৰে পাটিয়ালা হাউচ কৰ্টত কয় যে, তিহাৰ জেল প্ৰশাসনে তেওঁক এতিয়ালৈকে পৱন, অক্ষয় আৰু বিনয়ৰ কাগজ প্ৰদান কৰা নাই আৰু সেইকাৰণে কিউৰেটিভ পেটিচন আৰু ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আৱেদন কৰোতে পলম হৈছে।
উল্লেখ্যযোগ্য যে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে আন দুটা দোষী বিনয় আৰু মুকেশ সিঙৰ শুধৰণিমূলক আৱেদন খাৰিজ কৰিছিল। আদালতৰ আদেশ অনুসৰি চাৰিওটা অপৰাধীক একেলগে ফাঁচি কাঠত ওলমোৱা হ’ব। দোষীৰ অধিবক্তাই বিভিন্ন অভিযোগৰ লগতে উল্লেখ কৰে যে, বুধবাৰে তেওঁ বহুত চেষ্টা কৰিহে তিনি নম্বৰ জেলত বন্দী হৈ থকা নিজৰ মক্কেলক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰে।
আনহাতে নিৰ্ভয়াৰ মাতৃ আশা দেৱী তথা চৰকাৰী অধিবক্তাৰ মতে দোষীয়ে ফাঁচি বিলম্ব কৰিবৰ কাৰণে নিত্য নতুন কাৰচাজি কৰি আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|