অসম-অৰুণাচল সীমান্তৰ হিমালয়ৰ পাদদেশত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম এইবাৰ লাভ কৰিছে মুম্বাইৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে। চিভিল ইঞ্জিনিয়াৰিং কোম্পানী পেটেল ইঞ্জিনিয়াৰিঙে লাভ কৰিছে ১৫৬৪ কোটি টকাৰ কাম।
মঙলবাৰে ব্যক্তিগত প্ৰতিষ্ঠানটোৱে এই সন্দৰ্ভত জাৰি কৰিছে এখন প্ৰেছ বিজ্ঞপ্তি। প্ৰেছ বিজ্ঞপ্তিত প্ৰতিষ্ঠানটোৱে কি কি কাম কৰিব এই বিষয়ে সবিস্তাৰে বৰ্ণনা আগবঢ়ায়। উল্লেখযোগ্য নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদন ক্ষমতা ২০০০ মেগৱাট যি দেশতে সৰ্বাধিক। কিন্তু ভূমিকম্প প্ৰৱণতা থকা অঞ্চলটোত বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ বিৰোধিতা কৰি অসমৰ বহু দল–সংগঠনে আন্দোলন কৰি আহিছে।
প্ৰতিষ্ঠানটোৱে এই কথা পত্ৰ প্ৰেৰণ কৰি Bombay Stock Exchange আৰু National Stock Exchange of Indiaকো অৱগত কৰিছে।