৭ দিনৰ ভিতৰত শেষ হ’ব কোৰোণা ভাইৰাছ! এই দাবী কৰি কোৰোণা ভাইৰাছৰ আয়ুৰ্বেদিক ঔষধ মুকলি কৰিছিল যোগগুৰু ৰামদেৱৰ সংস্থা পতঞ্জলি আয়ুৰ্বেদে। কিন্তু এতিয়া কোৰোণা ভাইৰাছৰ ঔষধৰ সন্দৰ্ভত উত্তৰাখণ্ডৰ আয়ুৰ্বেদ বিভাগে নটিছ পঠিয়ালে পতঞ্জলিলৈ। জাননীত কোৱা হৈছে যে, ‘পতঞ্জলিয়ে লাইচেন্সৰ আবেদনত কোৰোণা ভাইৰাছৰ বিষয়ে একো কথা উল্লেখ কৰা নাই। মাত্ৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ঔষধ বুলিহে লাইচেন্সত অনুমোদন জনোৱা হৈছিল।
পতঞ্জলিৰ পৰা ইতিমধ্যে কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে কোৰোণাৰ ঔষধৰ সন্দৰ্ভত বিস্তাৰিত তথ্য বিচাৰিছে। আনকি পতঞ্জলিক নিৰ্দেশ দিয়া হৈছে যে, ‘যেতিয়ালৈকে পৰীক্ষাত প্ৰমাণিত নহয় যে, এই ঔষধে কোৰোণা নিৰ্মূল কৰে, সেই পৰ্যন্ত ঔষধৰ কোনো ধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব।’
ইফালে মানুহৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই, কোনো ধৰণৰ গৱেষণাৰ অবিহনে ঔষধ আবিষ্কাৰ কৰা বুলি প্ৰচাৰ কৰাৰ অভিযোগত বিহাৰ কোৰ্টত যোগগুৰু ৰামদেৱ, পতঞ্জলি আয়ুৰ্বেদ আৰু আচাৰ্য বালকৃষ্ণৰ বিৰুদ্ধে গোচৰ ৰুজুৰ কৰা হৈছে।
![]()
পতঞ্জলিৰ এই ঔষধৰ নাম কোৰোনিল। ৰামদেৱৰ দাবী, দেশৰ ২৮০ জন কোৰোণাত আক্ৰান্ত ৰোগীৰ শৰীৰত পৰীক্ষামূলক দিয়া হৈছিল এই ঔষধ। আৰু লাভ কৰিছিল সাফল্য। কোৰোণা কীট সহ কোৰোনিল নামৰ এই ঔষধৰ দাম নিৰ্ধাৰণ কৰা হৈছে ৫৪৫ টকা। এসপ্তাহৰ ভিতৰত সমগ্ৰ দেশতে উপলব্ধ হ’ব এই ঔষধ।
![]()
কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে পতঞ্জলিৰ পৰা ঔষধ কি কি উপাদানেৰে তৈয়াৰ কৰা হৈছে, ৰিচাৰ্ছৰ ৰিপৰ্ট, কোন কোন হাস্পতালত ট্ৰাইল কৰা হৈছে, ক্লীনিকেল ট্ৰাইলৰ বাবে পঞ্জীয়ন কৰা হৈছিল নে নাই, এই আটাইবোৰ তথ্য বিশদ ভাবে বিচাৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|