உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন, প্ৰথম দিনাই উত্থাপন হ’ব কৃষি আইন বাতিল বিধেয়ক

    সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন, প্ৰথম দিনাই উত্থাপন হ’ব কৃষি আইন বাতিল বিধেয়ক

    দেওবাৰে শাসক দলে আহ্বান কৰা সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী।

    দেওবাৰে শাসক দলে আহ্বান কৰা সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী।

    দেওবাৰে শাসক দলে আহ্বান কৰা সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী।

    • Share this:
    সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশন হুলস্থূলীয়া হোৱাৰে সম্ভাৱনা অধিক। ডিচেম্বৰৰ ২৩ তাৰিখলৈ চলিবলগীয়া এই অধিৱেশনৰ প্ৰথম দিনাই উত্থাপন হ’ব তিনি কৃষি আইন বাতিল বিধেয়ক। কৃষি মন্ত্ৰী নৰেন্দ্র সিঙে উত্থাপন কৰিব এই বিধেয়ক। বিধেয়ক গৃহীত হোৱাৰ পিছতে বাতিল হ’ব তিনি কৃষি আইন। উল্লেখযোগ্য যে এই তিনিখন বিতৰ্কিত আইন বাতিল কৰিবলৈ এক বছৰৰ অধিক কাল আন্দোলন কৰি থকা কৃষকসকলে সোমবাৰে নিৰ্ধাৰিত সংসদলৈ ট্রেক্টৰ ৰেলী সাময়িকভাৱে বাতিল কৰিছে।

    আনহাতে, কৃষি আইন বাতিল বিধেয়কৰ লগতে অন্য ২৫খন বিধেয়ক গৃহীত কৰিবৰ কাৰণে উত্থাপন হ’ব এইবাৰ সংসদত। ইয়াৰ অন্যতম হৈছে The Cryptocurrency and Regulation of Official Digital Currency Bill 2021। এইখন বিধেয়ক আইনলৈ ৰূপান্তৰ হ’লে দেশত ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত Cryptocurrency নিষিদ্ধ হ’ব। ইয়াৰ সমান্তৰালকৈ বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিব The Regulation of Digital Currency Bill 2021। এই বিধেয়কৰ উদ্দেশ্য হৈছে Digital Currencyক ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণলৈ অনা।

    উল্লেখযোগ্য যে সমাগত উত্তৰ প্ৰদেশ আৰু ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি দুয়োখন ৰাজ্যৰে অনুসূচিত জাতি আৰু জনজাতিৰ তালিকাত নতুন জনগোষ্ঠীৰ নাম সংযোজন কৰিবলৈ শাসক দলটোৱে উত্থাপন কৰিব দুখন বিশেষ বিধেয়ক। উত্তৰ প্ৰদেশৰ কাৰণে উত্থাপন হ’ব The Constitution (Scheduled Caste and Scheduled Tribe)  Order Amendment Bill 2021। ত্ৰিপুৰাৰ কাৰণেও উত্থাপন হ’ব তেনে এক অনুৰূপ বিধেয়ক। ইয়াৰ উপৰি Personal Data Protection Bill খনক লৈ যুটীয়া সংসদীয় কমিটীয়ে প্ৰতিবেদন যদিও দাখিল কৰিছে; কিন্তু এই বিধেয়ক এইবাৰ তালিকাভুক্ত নহ’ল।

    আনহাতে, দেওবাৰে শাসক দলে আহ্বান কৰা সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকিল স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী। অৱশ্যে উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলক প্ৰমুখ্যে আন কেইজনমান জ্যেষ্ঠ মন্ত্ৰী। প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিত ক্ষোভিত হয় বিৰোধী দলৰ নেতাসকল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: