সুদীৰ্ঘ ১৭৫ দিনৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে প্রশ্নকালবিহীন সংসদৰ অধিবেশন

News18 Assam | News18-Assam
Updated:September 14, 2020, 11:30 AM IST
সুদীৰ্ঘ ১৭৫ দিনৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে প্রশ্নকালবিহীন সংসদৰ অধিবেশন
যোৱা মার্চৰ ২৩ তাৰিখে Covid-19 মহামাৰীয়ে সমগ্ৰ দেশ গ্ৰাস কৰাৰ কাৰণে সংসদৰ চলিত বাজেট অধিবেশন অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি দিয়া হৈছিল। 

যোৱা মার্চৰ ২৩ তাৰিখে Covid-19 মহামাৰীয়ে সমগ্ৰ দেশ গ্ৰাস কৰাৰ কাৰণে সংসদৰ চলিত বাজেট অধিবেশন অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি দিয়া হৈছিল। 

  • News18 Assam
  • Last Updated: September 14, 2020, 11:30 AM IST
  • Share this:
সুদীৰ্ঘ ১৭৫ দিনৰ বিৰতিৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ অধিবেশন।  ১৭ সংখ্যক লোকসভাৰ চতুর্থ অধিবেশন আৰু ৰাজ্যসভাৰ ২৫২ সংখ্যক অধিবেশন ছেপ্টেম্বৰৰ ১৪ তাৰিখৰ পৰা অক্টোবৰৰ ১ তাৰিখলৈ অবিৰতভাৱে ১৮ দিনৰ কাৰণে অনুষ্ঠিত হ’ব। নাথাকিব শনি আৰু দেওবাৰৰ বন্ধ। প্ৰথম দিনা পুৱা ৯ বজাৰ পৰা দিনৰ ১ বজালৈ লোকসভা অনুষ্ঠিত হ’ব আৰু আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজাললৈ ৰাজ্যসভা অনুষ্ঠিত হ’ব। দ্বিতীয় দিনাৰ পৰা পুৱা ৰাজ্যসভা আৰু আবেলি লোকসভা ৪ ঘণ্টাৰ কাৰণে অনুষ্ঠিত হ’ব।

যোৱা মার্চৰ ২৩ তাৰিখে Covid-19 মহামাৰীয়ে সমগ্ৰ দেশ গ্ৰাস কৰাৰ কাৰণে সংসদৰ চলিত বাজেট অধিবেশন অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰি দিয়া হৈছিল।

উল্লেখযোগ্য যে এইবাৰ সংসদৰ অধিবেশনত প্রশ্নকাল নাথাকে। ১৯৬২ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা সংসদৰ শীতকালীন অধিবেশনত ভাৰত আৰু চীনৰ যুদ্ধ লাগি থকাৰ কাৰণে নেহৰু চৰকাৰে প্ৰথমবাৰৰ কাৰণে প্ৰশ্নকাল বাতিল কৰিছিল। আকৌ ১৯৭১ চনত ভাৰত–পাকিস্তানৰ যুদ্ধ চলি থাকোতে ইন্দিৰা গান্ধীৰ চৰকাৰে এবাৰ এটা অধিবেশনত প্ৰশ্নকাল বাতিল কৰিছিল। ১৯৭৫ চনৰ বৰ্ষাকালীন অধিবেশন আৰু ১৯৭৬ চনৰ শীতকালীন অধিবেশনতো প্রশ্নকাল বাতিল কৰা হৈছিল। দেশত জুৰুৰীকালীন অৱস্থা চলি থকাৰ সুবাদতে ইন্দিৰা গান্ধীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল, যাৰ কাৰণে ইন্দিৰা গান্ধী সমালোচনাৰ সন্মুখীন হৈছিল। তাৰ পিছত ৪৪ বছৰৰ পিছত প্ৰশ্নকাল বাতিল কৰা হৈছে। অৱশ্যে সদস্য সকলে লিখিত প্ৰশ্ন জমা দিব পাৰিব।

এইবাৰ সংসদত ৪৫খন বিধেয়ক উত্থাপন হ’ব। তাৰে ১১খন অধ্যাদেশক বিধেয়ক গৃহীত কৰি আইনলৈ পৰিবৰ্তন কৰাৰ চেষ্টা চলাব চৰকাৰে। কেৱল অসম সম্বন্ধীয় কোনো বিধেয়ক তালিকাভুক্ত হোৱা নাই এইবাৰ। অসমৰ সমষ্টিসমূহ পুনৰ গঠন কৰিবলৈ প্ৰয়োজনীয় Peoples Representation Act 1950ৰ দফা 8 (৮) Aৰ সংশোধনী ঘটাবলৈ কোনো বিধেয়ক তালিকাভুক্ত হোৱা নাই এইবাৰ। এইবাৰ শূন্যকাল থাকিব।
Published by: Sanjay Kumar Das
First published: September 14, 2020, 11:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading