সংসদ ভৱনৰ কেণ্টিনত শীঘ্ৰে বন্ধ হ’ব আমিষ আহাৰ!

News18 Assam | News18-Assam
Updated:January 14, 2020, 7:13 PM IST
সংসদ ভৱনৰ কেণ্টিনত শীঘ্ৰে বন্ধ হ’ব আমিষ আহাৰ!
বিৰিয়ানী, মাছ আৰু অন্যান্য সকলো প্ৰকাৰৰ আমিষ আহাৰ বন্ধ হোৱাৰ দিশে সংসদ ভৱনৰ কেণ্টিনত। কেৱল পোৱা যাব নিৰামিষ আহাৰ।

বিৰিয়ানী, মাছ আৰু অন্যান্য সকলো প্ৰকাৰৰ আমিষ আহাৰ বন্ধ হোৱাৰ দিশে সংসদ ভৱনৰ কেণ্টিনত। কেৱল পোৱা যাব নিৰামিষ আহাৰ।

  • Share this:
সংসদ ভৱনত শীঘ্ৰে সকলো প্ৰকাৰৰ আমিষ আহাৰ বন্ধ হোৱাৰ সম্ভাৱনা। কেৱল পোৱা যাব নিৰামিষ আহাৰ। হালধিৰাম অথবা বিকানেৰৱালাৰ মাজৰ কোনোবাই এই নিৰামিষ আহাৰ যোগানৰ ঠিকা লাভ কৰিব পাৰে।

ব্যক্তিগত ভেণ্ডৰ দুটাৰ মাজৰ কোনোবা এটাই সংসদৰ কেণ্টিনত আহাৰ যোগানৰ ঠিকা লাভ কৰাৰ সম্ভাৱনা। দুয়োটা খাদ্য প্ৰতিষ্ঠানৰ এটাইও আমিষ খাদ্য পৰিৱেশন নকৰে। গতিকে এতিয়াৰ পৰা সাংসদসকলে কেৱল নিৰামিষ খাদ্যহে গ্ৰহণ কৰিবলৈ সাজু হ’ব লাগিব। উল্লেখযোগ্য যে সংসদৰ কেণ্টিনত ইমানদিনে খাদ্য পৰিৱেশনৰ ঠিকা ভাৰতীয় ৰেলৱেৰ আইআৰচিটিচিৰ ওচৰত আছিল। হালধিৰাম আৰু বিকানেৰৱালাৰ ওপৰিউ চৰকাৰী কোম্পানী আইটিডিচিও সংসদৰ কেণ্টিনৰ খাদ্যৰ ঠিকা লাভ কৰাৰ দৌৰত আছে। ফুড কমিটি নথকাৰ কাৰণে এতিয়া অধ্যক্ষ ঔম বিৰলাই নিৰ্ধাৰণ কৰিব লাগিব যে তিনিওটাৰ ভিতৰত আইআৰচিটিচিৰ ঠাইত কোনে দায়িত্ব লাভ কৰিব?

সাংসদে আইআৰচিটিচিৰ খাদ্যৰ অভিযোগ কৰি আহিছিল

সংসদ ভৱনৰ কেণ্টিনত বিৰিয়ানী, চিকেন কাটলেট, মাছ আৰু ননভেজ চিপচ সকলোতকৈ অধিক পচন্দ কৰা খাদ্য। এনেকুৱাত সম্পূৰ্ণ নিৰামিষ মেন্যুক লৈ বিবাদ হোৱাৰো আশংকা কৰা হৈছে। বিগত কিছু মাহৰ পৰা সাংসদসকলে আইআৰচিটিৰ খাদ্যক লৈ আপত্তি প্ৰদৰ্শন কৰি আহিছিল। খাদ্যৰ মূল্যৰ সংশোধনীও শীঘ্ৰে কৰাৰ সম্ভাৱনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি