২০ জানুৱাৰীত প্ৰধানমন্ত্ৰী পৰীক্ষাৰ্থী আৰু শিক্ষকসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পুৱা ১১ বজাৰ পৰা নতুন দিল্লীৰ টালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘পৰীক্ষা পে চৰ্চা’। কিদৰে পৰীক্ষাৰ চাপৰ পৰা মুক্তি পাব পাৰি সেই বিষয়ক লৈ ছাত্ৰ–ছাত্ৰীৰে কথা পাতিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
এই অনুষ্ঠানৰ যোগেদি ছাত্ৰ–ছাত্ৰীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব মোদীয়ে। ছাত্ৰ–ছাত্ৰীসকলেও প্ৰধানমন্ত্ৰীগৰাকীক সুধিব পাৰিব প্ৰশ্ন। ছাত্ৰ–ছাত্ৰীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব মোদীয়ে।
৯ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলৰ ভিতৰত নিৰ্বাচিত শিক্ষাৰ্থীসকলে ২০২০ চনৰ ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত আছে ৫০গৰাকীকৈ দিব্যাংগ শিক্ষাৰ্থী।
ভাৰতৰ লগতে বিদেশত থকা শিক্ষাৰ্থী তথা শিক্ষক–শিক্ষয়িত্ৰীয়েও অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। তদুপৰি অভিভাৱকসকলেও অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। ২০১৮ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিছিল এই কাৰ্যসূচীৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|