• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘স্মাৰ্টফোনত যিমান সময় দিয়া, তাৰ ১০ শতাংশ কম কৰি মা–দেউতা, ককা–আইতাৰ সৈতে কটোৱা’ : মোদী

‘স্মাৰ্টফোনত যিমান সময় দিয়া, তাৰ ১০ শতাংশ কম কৰি মা–দেউতা, ককা–আইতাৰ সৈতে কটোৱা’ : মোদী

মোদীয়ে কয় – আজিৰ প্ৰজন্মই প্ৰযুক্তি কিদৰে ব্যৱহাৰ কৰিব লাগে সেয়া শিকিছে।

মোদীয়ে কয় – আজিৰ প্ৰজন্মই প্ৰযুক্তি কিদৰে ব্যৱহাৰ কৰিব লাগে সেয়া শিকিছে।

মোদীয়ে কয় – আজিৰ প্ৰজন্মই প্ৰযুক্তি কিদৰে ব্যৱহাৰ কৰিব লাগে সেয়া শিকিছে।

  • Share this:
‘পৰীক্ষা পে চৰ্চা’ত আজি ছাত্ৰ–ছাত্ৰীসকলক প্ৰযুক্তিৰ সৈতে কেনেকৈ চলিব লাগে সেই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মোদীয়ে কয় যে স্মাৰ্টফোনে তোমালোকৰ যিমান সময় চুৰি কৰে, তাৰ পৰা ১০ শতাংশ কম কৰি নিজৰ মা, দেউতা, ককা, আইতাৰ সৈতে কটোৱা। প্ৰযুক্তিয়ে আমাক পৃথক কৰিব, কিন্তু তাৰ পৰা নিজকে ৰক্ষা কৰি চলিব লাগিব। আমি প্ৰযুক্তিক ইচ্ছা অনুসৰি ব্যৱহাৰ কৰাৰ মনোবৃত্তি থাকিব লাগিব।

মোদীয়ে কয় যে সহঃ পাঠ্যক্ৰমত গুৰুত্ব নিদিলে আপুনি ৰবটৰ নিচিনা হৈ পৰিব। আপুনি ইয়াক সলনি কৰিব পাৰে। আজিকালি বহু সুবিধা আছে আৰু যুৱ প্ৰজন্মই ইয়াৰ ব্যৱহাৰ কৰক। বিগত শতাব্দীৰ শেষ সময়ছোৱা আৰু এই শতাব্দীৰ আৰম্ভণিৰ সময়ছোৱাত বিজ্ঞান আৰু প্ৰযুক্তিয়ে জীৱন সলনি কৰি পেলাইছে। সেইবাবে প্ৰযুক্তিৰ ভয় কেতিয়াও জীৱনলৈ আহিব দিব নালাগে। প্ৰযুক্তিক আমি আমাৰ বন্ধু হিচাপে ধৰিব লাগিব। পৰিৱৰ্তিত প্ৰযুক্তি সন্দৰ্ভত আমি আগতেই তথ্য সংগ্ৰহ কৰিব লাগিব।

মোদীয়ে কয়, ‘আজিৰ প্ৰজন্মই ঘৰৰ পৰাই গুগলৰ সৈতে কথা কথা পাতি জানিব পাৰে যে ৰে’ল সময়মতে চলিব নে নাই। নতুন প্ৰজন্মই কাৰোবাক সোধাৰ পৰিৱৰ্তে প্ৰযুক্তিৰ সহায়তে সকলো তথ্য সংগ্ৰহ কৰে। ইয়াৰ অৰ্থ এয়াই যে প্ৰযুক্তিৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে তেওঁলোকে সেয়া গম পাইছে।
Published by:Sanjay Kumar Das
First published: