ছাত্ৰ–ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘পৰীক্ষা পে চৰ্চা’। অনুষ্ঠানৰ আৰম্ভণিতে মোদীয়ে কয় যে আপোনালোকৰ বন্ধু নৰেন্দ্ৰ মোদী আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছে। আপোনালোক সকলোলৈ নতুন বছৰৰ শুভকামনা।
প্ৰধানমন্ত্ৰীয়ে কয় যে আমি বিফলতাৰ সময়তো সফলতাৰ শিক্ষা পাব পাৰো। সকলো প্ৰয়াসত আমি উৎসাহ আনিব পাৰো আৰু কোনো ক্ষেত্ৰত আপুনি বিফল হ’লে তাৰ অৰ্থ এয়াই যে আপুনি সফলতাৰ দিশে গতি কৰিছে।
‘জনা–নজনাকৈয়ে আমি সেই দিশত গতি কৰিছো য’ত সফলতা–বিফলতাৰ মুখ্য বিন্দু হৈ পৰিছে পৰীক্ষাৰ নম্বৰ। সেইবাবেই আমাৰ মনো তাতেই নিবদ্ধ থাকে যে বাকী সকলো পিছত কৰিম, প্ৰথমে নম্বৰ আনি লওঁ।’ – উত্তৰাখণ্ডৰ ছাত্ৰ মায়াংকৰ প্ৰশ্নৰ উত্তৰত কয় প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেৱল পৰীক্ষাৰ নম্বৰেই জীৱন নহয়। কোনো এটা পৰীক্ষাই সমগ্ৰ জীৱন নহয়। এয়া এক গুৰুত্বপূৰ্ণ বিষয়, কন্তু এনেকুৱা নহয় যে এয়াই সকলো। মই পিতৃ–মাতৃসকলক অনুৰোধ জনাওঁ যে সন্তানৰ সৈতে এনেধৰণৰ কথা নক’ব যে পৰীক্ষাই সকলো।
প্ৰধানমন্ত্ৰীয়ে কয় যে আমি যি শিক্ষা লাভ কৰো, সেয়া বিশ্বৰ দুৱাৰমুখ। বৰ্ণমালা শিকাৰ সময়ত, শিশুসকল এক নতুন বিশ্বত প্ৰৱেশ কৰে। আমাৰ শিক্ষা আমাৰ বাবে নতুন বিষয় শিকাৰ পদ্ধতি।
ৰাজস্থানৰ ছাত্ৰী যশস্বীয়ে মোদীক প্ৰশ্ন কৰে যে ব’ৰ্ডৰ বাবে তেওঁৰ মুড অফ হৈ যায়। ইয়াৰ উত্তৰত মোদীয়ে কয় যে মই ভাবো যুৱক–যুৱতীসকলৰ মুড অফ নহয়, কিন্তু কোনোৱে ভাবিছেনে মুড কিয় অফ হয়। মই ভাবো মুড অফ হোৱাৰ বাবে বাহ্যিক পৰিস্থিতি জগৰীয়া। আমি সৰু–সুৰা কথাত মুড অফ কৰা উচিত নহয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|