প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ এপ্ৰিলত 'পৰীক্ষা পে চৰ্চা'ৰ সময়ত শিক্ষাৰ্থী আৰু অভিভাৱকৰ সৈতে বাৰ্তালাপ কৰিব। ইয়াৰ বাবে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানটোত পৰীক্ষা উৎসৱ হিচাপে গণ্য কৰিবলৈ আহ্বান জনাইছে। অনুষ্ঠানটো ১ এপ্ৰিলত নতুন দিল্লীৰ টালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। উল্লেখ্য যে, 'পৰীক্ষা পে চৰ্চা'ৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। শিক্ষা মন্ত্ৰণালয়ৰ বিদ্যালয় শিক্ষা আৰু স্বাক্ষৰতা বিভাগ, শিক্ষা মন্ত্ৰণালয়ে যোৱা চাৰিবছৰ ধৰি এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে।
বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ প্ৰথম সংস্কৰণ ১৬ ফেব্ৰুৱাৰী, ২০১৮ তালাকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। তাৰ পিছত পিপিচিৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণ নতুন দিল্লীত এক ইন্টাৰেক্টিভ 'টাউন-হল' ফৰ্মেটত অনুষ্ঠিত হৈছিল। আনহাতে চতুৰ্থ সংস্কৰণটো যোৱা বছৰৰ ৭ এপ্ৰিলত অনলাইনত অনুষ্ঠিত হৈছিল। এই বছৰ, 'পৰীক্ষা পে চৰ্চা' কাৰ্যসূচীৰ পঞ্চম সংস্কৰণ ১ এপ্ৰিলত তালকাটোৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছে যে, এই কাৰ্যসূচীত মোদীয়ে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ চাপৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি, সেই সন্দৰ্ভত মন্তব্য আগবঢ়াব। প্ৰধানে টুইটাৰৰ জৰিয়তে জনাই যে, "প্ৰতিজন যুৱক-যুৱতীয়ে অপেক্ষা কৰি থকা এই অুষ্ঠান ২০২২ চনৰ ১ এপ্ৰিলত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ পৰা শিকক, কেনেদৰে চাপ হ্ৰাস কৰিব পাৰি আৰু পৰীক্ষাত সফল হ'ব লাগে আৰু পৰামৰ্শ প্ৰাপ্ত কৰিব পাৰি। পৰীক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকসকল পিপিচি 2022-ৰ বাবে সাজু হওক।"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয়, "পৰীক্ষা পে চৰ্চা হৈছে এক সাধাৰণ আলোচনা আৰু ই আমাৰ সকলোকে পৰীক্ষা, অধ্যয়ন, জীৱন আৰু অন্যান্য বিষয়ৰ সৈতে সম্পৰ্কিত বিভিন্ন দিশৰ বিষয়ে কথা পাতিবলৈ সুযোগ দিয়ে..."