মুখ্যপৃষ্ঠা »খবৰ »দেশ »পৰেশ বৰুৱা আহি আছে! বিহুৰ সময়তে কেন্দ্ৰৰ সৈতে আলফাৰ শান্তি চুক্তি!

পৰেশ বৰুৱা আহি আছে! বিহুৰ সময়তে কেন্দ্ৰৰ সৈতে আলফাৰ শান্তি চুক্তি!

আউটলুক ইণ্ডিয়াৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ।

আউটলুক ইণ্ডিয়াৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ।

আউটলুক ইণ্ডিয়াৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ।

  • Share this:
৪১বছৰজোৰা সংগ্ৰামৰ অন্তত কেন্দ্ৰৰ সৈতে বহিবলৈ আহি আছে পৰেশ বৰুৱা। আলোচনামৰ্মে এক শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বিহুৰ আগে পিছে ‘অভাৰগ্ৰাউণ্ড’ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যম ‘আউটলুক ইণ্ডিয়াই’। অৱশ্যে এই তথ্য নিউজ18–এ নিজাববীয়াকৈ নিশ্চিত নকৰে। প্ৰতিবেদন অনুসৰি নাগৰিকত্ব সংশোধনী আইনক লৈ ক্ষুব্ধ খিলঞ্জীয়া অসমীয়াক ‘বিহুৰ উপহাৰ’ দিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে এই দিশত কুচকাৱাজ চলাইছে।

২০১৮চনৰ এপ্ৰিল মাহৰ পৰা ‘সন্ধানহীন’ হৈ থকা পৰেশ বৰুৱাৰ বাল্য বন্ধু ৰেৱতী ফুকনে এইক্ষেত্ৰত নিষিদ্ধঘোষিত সংগঠনটো আৰু কেন্দ্ৰৰ মাজত মধ্যস্থতাকাৰী হিচাপে ভূমিকা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে।

আউটলুকে প্ৰকাশ কৰা জ্যেষ্ঠ অসমীয়া সাংবাদিক অনুপম বৰদলৈ আৰু ভাৱনা বিজ অৰোৰাৰ যুটীয়া প্ৰতিবেদনত গৃহ মন্ত্ৰণালয়ৰ সূত্ৰৰ উদ্ধৃতি প্ৰদান কৰি কোৱা হৈছে যে, ‘আলফাৰ সৈতে আলোচনা চূড়ান্ত পৰ্যায়ত আছে আৰু শীঘ্ৰেই এই চুক্তি স্বাক্ষৰ হ’ব। খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান সহ বেছিভাগ ইচ্ছ্যু ইতিমধ্যে সমাধান হৈছে।’

উল্লেখযোগ্য যে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও শেহতীয়াকৈ পৰেশ বৰুৱাৰ সৈতে কেন্দ্ৰৰ আলোচনাৰ বিষয়ে ইংগিত প্ৰদান কৰিছিল। ‘ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে বড়োসকলৰ দাবী পূৰণ কৰি বড়ো চুক্তি স্বাক্ষৰ কৰিলে। মোক কোৱা হৈছে যে, যদিহে আলফাইও যদি শান্তি আলোচনাত অংশ ল’ব খোজে তেনেহ’লে কেন্দ্ৰই সেই দিশত বিবেচনা কৰিব।’ মঙলবাৰে সাংবাদিকৰ আগত ডঃ শৰ্মাই কয়।

শেহতীয়া বাতৰি