ক্ৰিকেটাৰ কে এল ৰাহুল আৰু কন্যা আথিয়া শেট্টীৰ সৈতে ফটোক লৈ সুনীল শেট্টীয়ে ক’লে এই কথা

News18 Assam | News18-Assam
Updated:December 30, 2019, 3:17 PM IST
ক্ৰিকেটাৰ কে এল ৰাহুল আৰু কন্যা আথিয়া শেট্টীৰ সৈতে ফটোক লৈ সুনীল শেট্টীয়ে ক’লে এই কথা
কেৱল সুনীল শেট্টীয়ে নহয়, ক্ৰিকেটাৰ শিখৰ ধাৱন, অভিনেতা অৰ্জুন কাপুৰেও আথিয়া শেট্টী আৰু কে এল ৰাহুলৰ ফটোক লৈ কৰিলে বিশেষ মন্তব্য।

কেৱল সুনীল শেট্টীয়ে নহয়, ক্ৰিকেটাৰ শিখৰ ধাৱন, অভিনেতা অৰ্জুন কাপুৰেও আথিয়া শেট্টী আৰু কে এল ৰাহুলৰ ফটোক লৈ কৰিলে বিশেষ মন্তব্য।

  • Share this:
বলিউড আৰু ক্ৰিকেট জগতৰ সম্পৰ্ক অতি পুৰণি। ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া শেট্টীৰ সম্পৰ্কক লৈ বৰ্তমান যথেষ্ট গুজৱ চলিছে। অৱশ্যে আথিয়া আৰু ৰাহুল দুয়োজনেই এই সম্পৰ্কক লৈ নীৰৱতা অৱলম্বন কৰিছে। কিছু দিন পূৰ্বে কে এল ৰাহুলে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কথিত প্ৰেয়সী আথিয়াৰ সৈতে এখন ফটো শ্বেয়াৰ কৰে। ফটোখন পোষ্ট কৰাৰ লগে লগে যথেষ্ট ভাইৰেল হৈ পৰে। কেৱল ইমানেই নহয় আথিয়া আৰু ৰাহুলৰ এই ফটোত কমেণ্ট কৰিলে আথিয়াৰ পিতৃ অভিনেতা সুনীল শেট্টীয়েও।



 





View this post on Instagram




 

Hello, devi prasad....?


A post shared by KL Rahul👑 (@rahulkl) on






কে এল ৰাহুলে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোখনত আথিয়াৰ সৈতে এটা ফোন বুথত আছে। এই ফটোখনত ৰাহুলে ধেমেলীয়া সুৰত কেপশ্যন দিলে। হেল্ল’ দেৱীপ্ৰসাদ...সুনীল শেট্টী অভিনীত ছুপাৰ হিট ছবি ‘হেৰা ফেৰী’ৰ ডায়লগৰ সৈতে আপলোড কৰা এই ফটোখনত চকু পৰিল সুনীল শেট্টীৰ। লগে লগে আথিয়া আৰু ভাতৃয়ে এই ছবিখনত কমেণ্ট কৰে। সুনীল শেট্টীয়েও ছবিখনত হাঁহি উঠা বহুকেইটা স্মাইলীৰে কমেণ্ট কৰিছে। 

উল্লেখযোগ্য যে আথিয়া শেট্টীয়ে ছলমান খান প্ৰডাকশ্যনৰ চিনেমা ‘হিৰ’ৰে বলিউডত ভুমুকি মাৰিছিল। এই চিনেমাখনত আদিত্য পাঞ্চালীৰ পুত্ৰ সুৰজ পাঞ্চালীয়ে মুখ্য ভূমিকাত অভিনয় কৰিছিল। ‘হিৰ’ৰ পিছত আথিয়াই ‘মুবাৰক’ত দেখা দিছিল। শেহতীয়াকৈ আথিয়াই নৱাজুদ্দিন ছিদ্দিকিৰ সৈতে ‘মতিচুৰ চকনাচুৰ’ত অভিনয় কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি