• Home
  • »
  • News
  • »
  • nation
  • »
  • হাতত ট্যাটুত ‘বিছমিল্লা’, পাণিপথলৈ কামৰ সন্ধানত যোৱা যুৱকৰ হাত কাটি দিয়াৰ অভিযোগ...

হাতত ট্যাটুত ‘বিছমিল্লা’, পাণিপথলৈ কামৰ সন্ধানত যোৱা যুৱকৰ হাত কাটি দিয়াৰ অভিযোগ...

ঘটনাত কঁপি উঠিছে সমগ্ৰ দেশ! সকলোৱে বিচাৰিছে ন্যায়।

ঘটনাত কঁপি উঠিছে সমগ্ৰ দেশ! সকলোৱে বিচাৰিছে ন্যায়।

ঘটনাত কঁপি উঠিছে সমগ্ৰ দেশ! সকলোৱে বিচাৰিছে ন্যায়।

  • Share this:
‘হাতত লিখা আছিল ভগৱানৰ নাম। কল্পনাও কৰা নাছিল যে, সেই কাৰণেই হাতখন কাটি পেলাব। মুছলমান বুলি জানিব পাৰিয়েই হাতখন কাটি দিলে যুৱক যুৱকে।’ এই কথা কৈছে ইখলাখ ছলমানীৰ ভাতৃয়ে।

ছচিয়েল মিডিয়াত ভাইৰেল ২৮ বছৰীয়া ইক্ৰাম ছলমানী। পেছাত এগৰাকী নাপিত। ল’ক ডাউনত এতিয়া কামৰ অভাৱ। গতিকে ২৩ আগষ্টত ছাহানপুৰৰ পৰা দুগৰাকী চিনাকী লোকৰ সৈতে পাণিপথলৈ ৰাওনা হৈছিল ইখলাখ। ৩৩ কিলো মিটাৰ যোৱাৰ পিছত কৃষ্ণপুৰ অঞ্চলত ঠাই নাপায়, এখন পাৰ্কতে নিশা আশ্ৰয় লয়। ৰাতিৰ অন্ধকাৰত যুৱকজনৰ নাম পৰিচয় জানিব বিচাৰে দুজন যুৱকে। অভিযোগ অনুসৰি, নাম কোৱাৰ লগে লগেই ইখলাখক প্ৰহাৰ কৰা হয়। কিন্তু ইমানতেই শেষ নহয়।

ইখলাখৰ ভাতৃ ইক্ৰামে লগতে কয় যে, পাৰ্কত প্ৰহাৰ কৰাৰ পিছত তেওঁৰ ভাতৃ ইখলাখ অচেতন হৈ পৰে। পিছত পানী বিচাৰি ওচৰৰে এঘৰ মানুহলৈ যায়। কিন্তু সেই ঘৰটোতে আছিল প্ৰহাৰ কৰা যুৱক দুজন। ইক্ৰামে কয় যে, ‘লগে লগে তেতিয়া যুৱক দুজনে ইখলাখক ঘৰৰ ভিতৰলৈ টানি লৈ যায়। আৰু বেয়াকৈ প্ৰহাৰ কৰে। ঘৰত আছিল মুঠ ছজন মানুহ। তাৰে দুগৰাকী মহিলা। ইখলাখক আনকি শিলেৰেও প্ৰহাৰ কৰে। যাৰ ফলত মুৰত গুৰুতৰ ভাবে আঘাত পায়।

‘প্ৰহাৰ কৰা যুৱককেইজনে যেতিয়া মুছলমান যুৱকজনৰ হাতত ‘৭৮৬’ৰ ট্যাটু দেখে। এই সংখ্যাটো হ’ল ‘বিছমিল্লা’ শব্দৰ প্ৰতিৰূপ। লগে লগে হাতখন কাটি দিয়াৰ সিদ্ধান্ত লয় যুৱক দুজনে। আৰু হাতখন কাটি কাষৰে কিষাণপুৰ ৰে’লৱে ষ্টেচনত পেলাই দিয়ে ইখলাখক। তেওঁলোকে ভাবিছিল যে, যুৱকজনৰ মৃত্যু হৈছে। কিন্তু পুৱা কেইজনমান লোকে যুৱকজনক উদ্ধাৰ কৰি ঘৰৰ মানুহক খবৰ দি চিকিত্‍সালয়ত ভৰ্তি কৰায়।’- এনেদৰে কয় ইখলাখৰ ভাতৃয়ে।

কি ক’লে আৰক্ষীয়ে-

আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে দাবী কৰে যে, ইক্ৰামৰ ভাতৃৰ হাত ৰে’লে কাটে। কিন্তু ইক্ৰামে এই কথা মিছা বুলি অভিযোগ কৰি কয় যে, ‘মই মোৰ ভাতৃৰ ন্যায় বিচাৰিছো। আৰক্ষীয়ে ৰাজ্য চৰকাৰৰ হেঁচাত ভালদৰে তদন্ত কৰা নাই।’

হাট কাটি দিয়াৰ অভিযোগ খণ্ডন-

ইখলাখৰ পৰিয়ালে যাৰ বিৰুদ্ধে অভিযোগ কৰিছে, তেওঁলোকে এই অভিযোগ খণ্ডন কৰিছে। পৰিয়ালে আনকি ইখলাখৰ বিৰুদ্ধে যৌন উত্‍পীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ লোকে কয় যে, আমাৰ ৭ বছৰীয়া ভতিজা সন্ধানহীন হৈ আছিল। আমি বিচাৰি থাকোতে সেইদিনা নিশাৰ আন্ধাৰত ইখলাখে যৌন উত্‍পীড়ন চলাই থকাৰ পৰা উদ্ধাৰ কৰা হয়। গতিকে ইখলাখক প্ৰহাৰ কৰা হয়। আৰু সেই ঠাইৰ পৰা পলাই যায় ইখলাখ।’
Published by:Himangshu Bhuyan
First published: