ম'ম' আৰু গোলগাপ্পাই কাল হ'ল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ। প্ৰথমে এইসমূহ খাদ্য খোৱাক লৈ ভ্ৰাতৃ-ভগ্নীৰ মাজত কাজিয়া আৰু তাৰ পিছতে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ভগ্নীৰ চৰম সিদ্ধান্ত। হাৰিয়ানাৰ পানীপথ জিলাত সংঘটিত এই লোমহৰ্ষক ঘটনাৰ পাছতেই এতিয়া দেশজুৰি আৰম্ভ হৈছে চৰ্চা।
ঘটনা অনুসৰি শ্ৰমিক হিচাপে কাম কৰা পিতৃয়ে নিজৰ সন্তানৰ বাবে আনিছিল ম'ম' আৰু গোলগাপ্পা। কিন্তু সন্তানৰ বাবে অনা এই খাদ্যই যে শ্ৰমিক পিতৃৰ বুকুৰ মাজৰ পৰা কাঢ়ি নিব সন্তানক সেই কথা কেতিয়াও ভবা নাছিল। পিতৃয়ে আনি দিয়া খাদ্য খোৱাক লৈ ভাতৃ-ভগ্নীৰ মাজত আৰম্ভ হৈছিল কাজিয়া। তাৰ পিছতে খং আৰু ক্ষোভেৰে ভনীয়েকে নিজৰ কোঠালৈ গৈছিল আৰু আত্মহত্যা কৰিছিল। ঘটনাৰ তথ্য লাভৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ হাতত গতাই দিয়া হয়।
কন্যাৰ এই পদক্ষেপে পৰিয়ালটোৰ ওপৰত দুখৰ পাহাৰ ভাঙি পেলাইছে আৰু ভাতৃয়েও এই ঘটনাৰ পিছতে নিজৰ ওপৰতে সমগ্ৰ দোষ জাপি দি নিজকে শেষ কৰি দিয়াৰ বাবেহে যেন প্ৰস্তুত হৈছে। বৰ্তমান আৰক্ষীয়ে পানীপথৰ সাধাৰণ চিকিৎসালয়ত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ হাতত গতাই দিছে মৃতদেহ। ইফালে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 14, 2021, 12:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|