হাতত মাত্ৰ ৪দিন বাকী! এই কাম নকৰিলে সম্পূৰ্ণৰূপে বাতিল হ’ব আপোনাৰ পেন কাৰ্ড

পেন আৰু আধাৰ নম্বৰ লিংক বাধ্যতামূলক কৰাৰ কৰাৰ কথা Central Board of Direct Taxes (CBDT)–এ জনাইছিল। 

News18-Assam
Updated:September 26, 2019, 11:40 PM IST
হাতত মাত্ৰ ৪দিন বাকী! এই কাম নকৰিলে সম্পূৰ্ণৰূপে বাতিল হ’ব আপোনাৰ পেন কাৰ্ড
পেন আৰু আধাৰ নম্বৰ লিংক বাধ্যতামূলক কৰাৰ কৰাৰ কথা Central Board of Direct Taxes (CBDT)–এ জনাইছিল। 
News18-Assam
Updated: September 26, 2019, 11:40 PM IST
যথেষ্টদিন পূৰ্বেই পেন  আৰু আধাৰ  লিংক বাধ্যতামূলক কৰিছিল আয়কৰ বিভাগে। ইয়াৰ আগতে বহুবাৰ পেন আৰু আধাৰ লিংকৰ সময়সীমাৰ পৰিৱৰ্তন কৰা হৈছিল। পেন আৰু আধাৰ নম্বৰ লিংক বাধ্যতামূলক কৰাৰ কথা Central Board of Direct Taxes (CBDT)–এ জনাইছিল।

জুলাই মাহৰ বাজেটৰ সময়ত পেন আৰু আধাৰ লিংকৰ নিয়মৰ বৃহৎ পৰিৱৰ্তনৰ ঘোষণা কৰা হৈছিল। এই অনুসৰি যদিহে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংকৰ কৰা নহয় তেনেহ’লে পেন কাৰ্ড বাতিল কৰা হ’ব। ৩০ছেপ্তেম্বৰৰ ভিতৰত পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে পেন কাৰ্ড বাতিল হৈ পৰিব পাৰে।

কেনেকৈ কৰিব পেন আৰু আধাৰ লিংক?

পেন আৰু আধাৰ লিংক কৰিবলৈ প্ৰথমে  www.incometaxindiaefiling.gov.in ৱেবছাইটত গৈ Link Aadhaar অপচনত ক্লিক কৰক। 

এখন উইণ্ড’ আহিব ইয়াৰ পিছত য’ত আধাৰ নম্বৰ, পেন নম্বৰ আৰু কেপচা ক’ড দিব লাগিব। ইয়াৰ পিছত Link Aadhaar অপচনত ক্লিক কৰিব লাগিব। ইয়াৰ পিছতেই লিংক কৰিব লাগিব পেন আৰু আধাৰ।



অৱশ্যে নিম্নোলিখিত ব্যক্তিসকলে পেন আৰু আধাৰ লিংক কৰাৰ ক্ষেত্ৰত অন্তিম সময়সীমা মানি নচলিলেও হ’ব যদিহে তেওঁলোকৰ আধাৰ নম্বৰ বা আধাৰ এনৰ’লমেণ্ট আই ডি নাই।

১) আয়কৰৰ বিধি অনুসৰি প্ৰৱাসী ভাৰতীয়সকল।

২) যিসকল ভাৰতৰ নাগৰিক নহয়।

৩) বিত্তীয় বৰ্ষত ৮০বছৰ বা ততোধিক বয়স যাৰ হৈছে।

৪) অসম, মেঘালয়, জম্মু–কাশ্মীৰৰ বাসিন্দা।

আয়কৰৰ আইনত ধাৰা ১৩৯এ ২০১৭চনৰ বাজেটত অন্তৰ্ভুক্ত কৰা হৈছিল। এই ধাৰাই পেন আৰু আধাৰ লিংক বাধ্যতামূলক কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি