এটা বিশেষ অনুৰোধেৰে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ হলিউডৰ অভিনেত্ৰী পামেলা এণ্ডাৰছনৰ

News18 Assam | News18-Assam
Updated:November 30, 2019, 8:02 PM IST
এটা বিশেষ অনুৰোধেৰে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ হলিউডৰ অভিনেত্ৰী পামেলা এণ্ডাৰছনৰ
ভাৰতীয় নিৰামিষ খাদ্যক প্ৰশংসা কৰি এই খাদ্যক জনপ্ৰিয় কৰাৰ আহ্বান হলিউড অভিনেত্ৰীগৰাকীৰ।

ভাৰতীয় নিৰামিষ খাদ্যক প্ৰশংসা কৰি এই খাদ্যক জনপ্ৰিয় কৰাৰ আহ্বান হলিউড অভিনেত্ৰীগৰাকীৰ।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনৰ এখন বিশেষ পত্ৰ। এই পত্ৰৰ বিষয়বস্তু তাৎপৰ্যপূৰ্ণ। দৰাচলতে ভাৰতীয় নিৰামিষ আহাৰৰ উচ্চ প্ৰশংসা কৰি এই খাদ্যক উদ্গনি জনাবলৈ নৰেন্দ্ৰ মোদীক আহ্বান জনায় পামেলা এণ্ডাৰছনে।

People for the Ethical Treatment of Animals(PETA)পেটা নামৰ সংগঠনটোৰ হৈ প্ৰধান মন্ত্ৰী মোদীলৈ এই পত্ৰ প্ৰেৰণ কৰে পামেলা এণ্ডাৰছনে

এই পত্ৰত অভিনেত্ৰীগৰাকীয়ে মোদীক ভাৰতত অনুষ্ঠিত সকলো চৰকাৰী বৈঠক আৰু কাৰ্যসূচীতে নিৰামিষ আহাৰহে পৰিৱেশনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।

অভিনেত্ৰী পামেলা এণ্ডৰছনে নিৰামিষ খাদ্যাভাসক উদগনি জনাই প্ৰধান মন্ত্ৰী গৰাকীক ভাৰতৰ জলবায়ু পৰিৱৰ্তনৰ সপক্ষে যুঁজখনত নেতৃত্ব দিবলৈ আহ্বান জনায়।

পশুৰ অধিকাৰৰ সপক্ষে সৰৱ স্বেচ্ছাসেৱী সংগঠন পেটাৰ ব্ৰেণ্ড এম্বেছাডৰ অভিনেত্ৰীগৰাকীয়ে উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে, মানৱ সৃষ্ট গ্ৰীন হাউছ গেছৰ এক পঞ্চমাংশ খাদ্যৰ বাবে পোহা জীৱ-জন্তুৰ দ্বাৰা সৃষ্টি হয়। এইক্ষেত্ৰত নিৰামিষ খাদ্যাভাসে এক ইতিবাচক প্ৰভাৱ পেলাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

 

“মই সম্পূৰ্ণ বিশ্বাসী যে ভাৰতত উৎপাদিত মাহ জাতীয় শস্যৰ লগতে আন্যান্য খাদ্য সমাগ্ৰীয়ে স্বাস্থ্যৰ বাবে অনিষ্টকাৰী খাদ্য সামগ্ৰীৰ সমূহৰ ঠাই অতি সহজতে ল’ব পাৰিব।” অভিনেত্ৰী গৰাকীয়ে পত্ৰখনত লিখে।

লগতে “পেটা”ৰ নিৰ্দেশকেও প্ৰধান মন্ত্ৰী মোদীক নিউজিলেণ্ড, চীন আৰু জাৰ্মানীৰ দৰে দেশে লোৱা এই নিৰামিষ খাদ্যাভ্যাসক আঁকোৱালি লোৱাৰ বাবে আহ্বান জনায়।

তাৰোপৰি অভিনেত্ৰী গৰাকীয়ে দিল্লীত হোৱা ভয়াৱহ বায়ু প্ৰদূষণত প্ৰভাৱিত সকলো লোকৰ লগতে সমূহ জীৱ-জন্তুলৈও সমবেদনা জনায়। অভিনেত্ৰীগৰাকীয়ে পত্ৰত ভাৰতৰ সুস্বাদু নিৰামিষ খাদ্যৰো প্ৰশংসা কৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি