মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»প্ৰথমে ফেচবুকত বন্ধুত্ব! তাৰ পিছত লগ কৰিবলৈ মাতি আনি যুৱতীক দলবদ্ধ ধৰ্ষণ ২৫টাকৈ নৰপিশাচৰ

প্ৰথমে ফেচবুকত বন্ধুত্ব! তাৰ পিছত লগ কৰিবলৈ মাতি আনি যুৱতীক দলবদ্ধ ধৰ্ষণ ২৫টাকৈ নৰপিশাচৰ

News18 Assam | News18-Assam
Updated:May 14, 2021, 2:17 PM IST
প্ৰথমে ফেচবুকত বন্ধুত্ব! তাৰ পিছত লগ কৰিবলৈ মাতি আনি যুৱতীক দলবদ্ধ ধৰ্ষণ ২৫টাকৈ নৰপিশাচৰ
আৰক্ষীয়ে ভুক্তভোগী যুৱতীৰ অভিযোগত তিনিজন নামযুক্ত আৰু ২০-২২জন আন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰো কৰিছে।

আৰক্ষীয়ে ভুক্তভোগী যুৱতীৰ অভিযোগত তিনিজন নামযুক্ত আৰু ২০-২২জন আন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰো কৰিছে।

  • Share this:
ফেচবুক বন্ধুত্বৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গ'ল হাৰিয়ানাৰ পালৱালত। প্ৰথমে ফেচবুকত যুৱতীৰ সৈতে বন্ধুত স্থাপন, তাৰ পিছত লগ কৰিবলৈ মাতি নি ২৫টাকৈ নৰপিশাচে যুৱতীক কৰা দলৱদ্ধ ধৰ্ষণৰ কাণ্ডই জোকাৰিছে ৰাজ্যখন। ঘটনাৰ বিৱৰণী অনুসৰি, ফেচবুকত চিনাকী হোৱা যুৱক বন্ধুক লগ কৰিবলৈ হোদাললৈ আহিছিল যুৱতীগৰাকী। সেই স্থানৰ পৰাই পৰিকল্পিতভাৱে যুৱতীগৰাকীক অপহৰণ কৰি লৈ যোৱা হৈছিল জংঘললৈ আৰু জংঘলতেই নিশাই ২৫টাকৈ নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰে যুৱতীগৰাকীক। তাৰ পিছতে ভুক্তভোগী যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত বদৰপুৰ সীমান্তত এখন গাড়ীত যুৱতীগৰাকীক এৰি পলায়ন কৰে নৰপিশাচকেইটাই।

ইতিমধ্যে হাছানপুৰ আৰক্ষীয়ে ভুক্তভোগী যুৱতীৰ অভিযোগত তিনিজন নামযুক্ত আৰু ২০-২২জন আন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰো কৰিছে। যদিও বাকী অভিযুক্তকেইটা বৰ্তমানেও পলাতক অৱস্থাত আছে। এই ঘটনা সম্পৰ্কত হাছানপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ কুমাৰে জনায় যে, ৩ মে'ত যুৱতীগৰাকীক বন্ধু ৰামগড়নিবাসী সাগৰে বিয়াৰ বাবে পৰিয়ালক লগ কৰিবলৈ ফোন কৰিছিল, যাৰ বাবে যুৱতীগৰাকী হোদাললৈ আহিছিল। পিছত হোদালৰ পৰা ঘৰলৈ লৈ যোৱাৰ পৰিৱৰ্তে সাগৰে যুৱতীগৰাকীক ৰামগড় গাঁৱৰ কাষৰীয়া জংঘলৰ এটা টিউবৱেললৈ লৈ যায়। য'ত সাগৰৰ ভায়েক সমুদ্ৰসহ আন ২০-২২জন যুৱক উপস্থিত হয় আৰু জংঘলতেই ওৰেনিশা আটাইকেইটাই ধৰ্ষণ কৰে যুৱতীগৰাকীক। পিছত পুৱা যুৱতীগৰাকীক গাঁওখনৰ ওচৰৰ কাবাডীলৈ লৈ যোৱা হৈছিল য'ত আকাশসহ তাৰ ৫-৬ জন বন্ধুৱে পুনৰ দলবদ্ধ ধৰ্ষণ কৰে।

এই ঘটনাৰ পিছতেই বিচনাত পৰি থকা যুৱতীগৰাকীয়ে ১২ মে'ত হাছানপুৰ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰে। আৰক্ষীয়ে যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিতে সাগৰ, সমুদ্ৰ আৰু আকাশকে ধৰি আন ২২জন যুৱকৰ বিৰুদ্ধে অপহৰণ আৰু দলৱদ্ধ ধৰ্ষণকে ধৰি বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত সাগৰক। আন ২৩টাকৈ সম্প্ৰতিও পলাতক অৱস্থাত আছে যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বাবে অব্যাহত ৰাখিছে সকলো প্ৰচেষ্টা।
Published by: Sanjay Kumar Das
First published: May 14, 2021, 2:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি