কাশ্মীৰৰ নামেৰে পথ–পাৰ্কৰ নাম ৰাখিব পাকিস্তানে

কাশ্মীৰৰ জনতাৰ সৈতে সদভাৱনা অটুট ৰাখিবলৈ ৩৬টা পথ (সীমান্তৰ প্ৰত্যেক জিলাৰ এটাকৈ পথ)ৰ নাম কাশ্মীৰ ৰোড আৰু ৫খন বৃহৎ পাৰ্কৰ নাম কাশ্মীৰ পাৰ্ক ৰখাৰ সিদ্ধান্ত

News18-Assam
Updated:August 17, 2019, 7:40 AM IST
কাশ্মীৰৰ নামেৰে পথ–পাৰ্কৰ নাম ৰাখিব পাকিস্তানে
কাশ্মীৰৰ জনতাৰ সৈতে সদভাৱনা অটুট ৰাখিবলৈ ৩৬টা পথ (সীমান্তৰ প্ৰত্যেক জিলাৰ এটাকৈ পথ)ৰ নাম কাশ্মীৰ ৰোড আৰু ৫খন বৃহৎ পাৰ্কৰ নাম কাশ্মীৰ পাৰ্ক ৰখাৰ সিদ্ধান্ত
News18-Assam
Updated: August 17, 2019, 7:40 AM IST
জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ কেইবাটাও দিন উকলিল, পিছে এতিয়াও ক্ষান্ত হোৱাৰ নাম লোৱা নাই পাকিস্তানে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অকলশৰীয়া হৈ পৰিছে পাকিস্তান। বেবেৰিবাং মন্তব্য কৰি আছে পাকিস্তানে। তেনে সময়তে গ্ৰহণ কৰিছে এক অনন্য সিদ্ধান্ত। পাকিস্তানৰ পঞ্জাৱ প্ৰান্তৰ চৰকাৰে কাশ্মীৰৰ জনতাৰ সৈতে সদভাৱনা অটুট ৰাখিবলৈ ৩৬টা পথ আৰু ৫খন বৃহৎ পাৰ্কৰ নাম কাশ্মীৰৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পথ আৰু পাৰ্কৰ নাম
পঞ্জাৱ প্ৰান্তৰ মুখ্যমন্ত্ৰী ওছমান বুজদাৰে শুকুৰবাৰে ঘোষণা কৰে এই কথা। বুজদাৰে কয় – কাশ্মীৰৰ জনতাৰ সৈতে সদভাৱনা অটুট ৰাখিবলৈ ৩৬টা পথ (সীমান্তৰ প্ৰত্যেক জিলাৰ এটাকৈ পথ)ৰ নাম কাশ্মীৰ ৰোড আৰু ৫খন বৃহৎ পাৰ্কৰ নাম কাশ্মীৰ পাৰ্ক ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

ক’লা দিৱস পালন পাকিস্তানৰ
ইয়াৰ পূৰ্বে ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা ক’লা দিৱস পালনৰ সিদ্ধান্ত লৈছিল পাকিস্তানে। দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰান খানসহ কেইবাজনো নেতা আৰু প্ৰতিষ্ঠানে নিজ টুইটাৰ একাউণ্টৰ পৰা প্ৰফাইল ফটোও ক’লা কৰি লৈছিল।

উল্লেখ্য যে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰিছিল ভাৰতে আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে লোৱা এই সিদ্ধান্তৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পাকিস্তানে।
আৰু চাওক পৰৱৰ্তী বাতৰি