সীমান্তৰ পিছত পাকিস্তানে এতিয়া উপকূলীয় অঞ্চলতো ভাৰতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। দেওবাৰে পাকিস্তানৰ নৌসেনাই এখন ভাৰতীয় নাওসহ ৬জন ভাৰতীয় মাছমৰীয়াক অপহৰণ কৰে। মাছমৰীয়াসকলে জনাইছে যে এই সময়ছোৱাত পাকিস্তানৰ দ্বাৰা নিৰ্বিচাৰ গুলীচালনাও কৰা হৈছিল, য'ত এজন মাছমৰীয়া নিহত হৈছে আৰু আন এজন আহত হৈছে। ঘটনাটো আন্তৰ্জাতিক সামুদ্ৰিক সীমা ৰেখা (IMBL)ৰ ওচৰত সংঘটিত হৈছে বুলি কোৱা হৈছে।
আহতসকলক চিকিৎসাৰ বাবে দ্বাৰকাৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে, এয়া প্ৰথমবাৰৰ বাবে নহয় যে পাকিস্তানে সীমান্ত অঞ্চলত এনে ধৰণৰ কাম কৰিছে। পাকিস্তানে সামুদ্ৰিক সীমান্তত এনেধৰণৰ কাৰ্যকলাপ অব্যাহত ৰাখিছে। যোৱাবছৰৰ এপ্ৰিলত পাকিস্তানী মেৰিনে গুজৰাটৰ সামুদ্ৰিক অঞ্চলৰ সীমান্তৰ ওচৰত দুখন নাৱত গুলীচালনা কৰিছিল। সেই সময়ত নাওখনত ৮জন লোক আছিল। গুলীচালনাত উত্তৰ প্ৰদেশৰ এজন লোক আহত হৈছিল।
সম্প্ৰতি মাছমৰীয়া অপহৰণৰ বিষয়টো ভাৰতীয় নৌ সেনা আৰু নিৰাপত্তা সংস্থাৰ দ্বাৰা তদন্ত কৰা হৈছে। অপহৃত মাছমৰীয়াসকলক ক'লৈ লৈ যোৱা হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।