কাশ্মীৰক কেন্দ্ৰ কৰি এতিয়াও অব্যাহত আছে ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ বাদানুবাদ। ভাৰত চৰকাৰে অনাধিকাৰ কাশ্মীৰ সন্দৰ্ভত পাকিস্তানে হস্তক্ষেপ কৰিব বিচৰা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰিছে। কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা দিয়া ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছৰে পৰা অধিক অৱনতি ঘটিছে দেশ দুখনৰ মাজৰ সম্পৰ্ক।
বৃহস্পতিবাৰে লেহত এক অনুষ্ঠানত উপস্থিত থাকি ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানক আকৌ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। ৰাজনাথ সিঙে কাশ্মীৰৰ প্ৰসংগ টানি আনি পাকিস্তানক উদ্দেশ্যি কয় যে, ‘কাশ্মীৰ কেতিয়া পাকিস্তানৰ অংগ আছিল? মিছাতে কাশ্মীৰকলৈ পৰিস্থিতি অধিক অৱনমিত কৰিবলৈ চেষ্টা কৰি নাথাকিবা। কাশ্মীৰ সদায় ভাৰতৰ অংগৰাজ্য হিচাপে আছে আৰু সদায় থাকিব’
লগতে ৰাজনাথ সিঙে কয় যে, ভাৰতে সদায় পাকিস্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বৰ্তাই ৰাখিব বিচাৰে। কিন্তু পাকিস্তানে এক আতংকময় পৰিবেশ সূচনা কৰি সম্পৰ্ক অৱনমিত কৰিবলৈ চেষ্টা কৰে।
এয়াও পঢ়কঃ মহাত্মা গান্ধীক অসমীয়া শিকোৱা কণমানি ছোৱালীজনী
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|