ঘৰত সোমাই মাৰিব ভাৰতে, এই ভয়তেই অভিনন্দন বৰ্থমানক এৰি দিছিল পাকিস্তানে! পাকিস্তানৰ সাংসদেই খুলিলে মুখা

News18 Assam | News18-Assam
Updated:October 29, 2020, 11:03 AM IST
ঘৰত সোমাই মাৰিব ভাৰতে, এই ভয়তেই অভিনন্দন বৰ্থমানক এৰি দিছিল পাকিস্তানে! পাকিস্তানৰ সাংসদেই খুলিলে মুখা
ইমৰান খানে ইয়াৰ পিছতে অভিনন্দনক মুক্তি দি ইয়াক শান্তিৰ পদক্ষেপ আখ্যা দিছিল।

ইমৰান খানে ইয়াৰ পিছতে অভিনন্দনক মুক্তি দি ইয়াক শান্তিৰ পদক্ষেপ আখ্যা দিছিল।

  • Share this:
নতুন দিল্লীঃ মুখেৰে কোৱা হৈছিল শান্তিৰ কথা। কিন্তু আচলতে ভয়তহে পাকিস্তানে নিজৰ দেশৰ অস্তিত্ব বচাবলৈ পাকিস্তানে অভিনন্দন বৰ্থমানক মুক্তি দিছিল। এই কথা কোনো ভাৰতীয়ই নহয় পোহৰলৈ আনিছে স্বয়ং পাকিস্তানী সাংসদে।

পাকিস্তানী সংসদত নিৰ্বাচিত জনপ্ৰতিনিধিয়ে বুধবাৰে এই তথ্য স্বীকাৰ কৰে। ভাষণ প্ৰসংগত মুছলীম লীগৰ নেতা আয়াজ সাদিকে কয়, অভিনন্দন বৰ্থমানক ঘুৰাই দিয়া হৈছিল প্ৰতি আক্ৰমণৰ ভয়তেই। সেই সময়ত পাক বিদেশমন্ত্ৰী শাহ মেহমুদ কুৰেশ্বীয়ে কৈছিল, নিৰ্দিষ্ট দিনটোৰ নিশা ৯বজাৰ ভিতৰত অভিনন্দনক মুক্তি নিদিলে ভাৰতে আক্ৰমণ কৰিব পাৰে। এই দাবী কৰে পিএমএল–এনৰ নেতা আয়াজ সাদিকে। সাদিকৰ এই মন্তব্যৰ উদ্ধৃতি দিছে পাকিস্তানীৰ নামী সংবাদমাধ্যম দুনিয়া নিউজে।

কি কৈছিল সাদিকে? দুনিয়া নিউজত সম্প্রচাৰিত সেই ক্লিপত দেখা গৈছে সাদিকে কৈছে, ‘ইমৰান খান সেইদিনা শাহ মহম্মদ কুৰেশি তথা চীফ অৱ আৰ্মী ষ্টাফ কোমৰ জাভেদ বাজৱাৰ সৈতে বৈঠকত সন্মত হোৱা নাছিল। আৰ্মী চীফে বেয়াকৈ ভয় খাইছিল, ঘামি গৈছিল। শাহ মহম্মদ কুৰেশিয়ে সেই বৈঠকত কৈছিল, ‘ঈশ্বৰৰ নাম লৈ অভিনন্দনক এৰি দিব লাগিব। নহ’লে নিশা ৯বজাৰ ভিতৰত ভাৰতে আক্ৰমণ কৰিব।’

২০১৯ বৰ্ষৰ ২৭ ফেব্রুৱাৰীৰ ঘটনা। পাক সেনাৰ হাতত আটক হৈছিল অভিনন্দন বৰ্থমান। দীঘলীয়া ৫৮ঘণ্টা পাকিস্তানে তেওঁক নিজৰ জিম্মাত ৰাখিছিল। ভাৰতে কৈছিল বিনাচৰ্তে নিৰাপদে ঘুৰাই দিব লাগিব অভিনন্দনক। ইমৰান খানে ইয়াৰ পিছতে অভিনন্দনক মুক্তি দি ইয়াক শান্তিৰ পদক্ষেপ আখ্যা দিছিল।
First published: October 29, 2020, 11:03 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading