• Home
  • »
  • News
  • »
  • nation
  • »
  • Corona Third Wave : অক্টোবৰত কোৰোণাৰ তৃতীয় লহৰে শিশুলৈ আনিব পাৰে ভয়ংকৰ বিপদ, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

Corona Third Wave : অক্টোবৰত কোৰোণাৰ তৃতীয় লহৰে শিশুলৈ আনিব পাৰে ভয়ংকৰ বিপদ, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

প্ৰতিবেদনত কোৱা মতে, "শিশুৰ চিকিৎসা- চিকিৎসক, নাৰ্ছ, স্বাস্থ্য কৰ্মী, চিকিৎসা সজুলি যেনে ভেণ্টিলেটৰ, এম্বুলেন্স আদি ইমান কম পৰিমাণত আছে যে সঁচাকৈ যদি আশংকা কৰা ধৰণে বৃহৎ সংখ্যক শিশু আক্ৰান্ত হ'লে ভীষণ সমস্যাৰ সৃষ্টি হ'ব।" 

  • Share this:
অক্টোবৰত কোৰোণাৰ তৃতীয় লহৰে  (Corona Third Wave)  দেশত আৰোহণ কৰিব পাৰে শীৰ্ষ বিন্দুত। তেতিয়াই দেশৰ অধিকাংশ শিশুৱেই আক্ৰান্ত হ'ব পাৰে কোৰোণাত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় (Union Home Minister)ৰ নিৰ্দেশত দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠান (NIDM)ৰ বিশেষজ্ঞ কমিটীয়ে প্ৰস্তুত কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

এই প্ৰতিবেদন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (PMO)লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদনত কোৱা মতে, "শিশুৰ চিকিৎসা- চিকিৎসক, নাৰ্ছ, স্বাস্থ্য কৰ্মী, চিকিৎসা সজুলি যেনে ভেণ্টিলেটৰ, এম্বুলেন্স আদি ইমান কম পৰিমাণত আছে যে সঁচাকৈ যদি আশংকা কৰা ধৰণে বৃহৎ সংখ্যক শিশু আক্ৰান্ত হ'লে ভীষণ সমস্যাৰ সৃষ্টি হ'ব।"

আনহাতে নিটি আয়োগ (NITI)ৰ সদস্য ভি কে পল (VK Paul)এ দিয়া পৰামৰ্শমতে কোৰোণাৰ তৃতীয় লহৰত প্ৰতি ১০০জন ৰোগীৰ ২৩জনকে চিকিৎসাধীন কৰাব লাগিব। এই অনুমান কোৰোণাৰ দ্বিতীয় লহৰ ((Corona Second Wave)তকৈও বেছি।

কোৰোণাৰ তৃতীয় লহৰৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সৰ্বতোপ্ৰকাৰে সাজু হৈছে আৰু এতিয়ালৈ ২৩ হাজাৰ ১২৩ কোটি টকাত অনুমোদন জনাইছে। শিশুৰ বাবে বিশেষকৈ কোভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে অলপতে এই মন্তব্য কৰিছিল।
Published by:Manjumoni Borah
First published: