• Home
  • »
  • News
  • »
  • nation
  • »
  • Republic Day 2021: প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম ভূষণ সন্মান, চাওক পদ্ম বঁটাপ্ৰাপকৰ সম্পূৰ্ণ তালিকা

Republic Day 2021: প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম ভূষণ সন্মান, চাওক পদ্ম বঁটাপ্ৰাপকৰ সম্পূৰ্ণ তালিকা

মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে সন্মান।

মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে সন্মান।

মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে সন্মান।

  • Share this:
গণৰাজ্য দিৱস উপলক্ষ্যে ঘোষণা কৰা হ’ল পদ্ম সন্মান। দেশৰ অন্যান্য বিশিষ্ট লোকসকলৰ মাজত অসমৰ সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম ভূষণ সন্মান প্ৰদান কৰা হৈছে। তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে দেশৰ তৃতীয় সৰ্বোচ্ছ অসামৰিক সন্মান।

আনহাতে অসমৰ পৰা বিজেপিৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, লখিমী বৰুৱা, গোপীৰাম বৰগায়ন বুঢ়াভকত, দুলাল মানকি, বিৰুবালা ৰাভা, ৰোমান শৰ্মা, মংগল সিং হাজোৱাৰী, ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে।



বিশিষ্ট শিল্পী প্ৰয়াত এছ পি বালাসুব্ৰমনিয়ামক পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছে।  জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিঞ্জ আবেক পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছে। সুমিত্ৰা মহাজনক পদ্ম ভূষণ, স্বৰ্গীয় ৰাম বিলাস পাচোৱান আৰু নৃপেন্দ্ৰ মিশ্ৰলৈ পদ্ম ভূষণ সন্মান প্ৰদান কৰা হৈছে।

আনহাতে পদ্মশ্ৰী আগবঢ়োৱা হৈছে চমন লাল চাপ্ৰু আৰু গুলাম ৰচুল খানলৈ।

First published: