ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ পদ্ম সন্মান। ১০৬ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ পদ্ম সন্মান। ইয়াৰ ভিতৰত ৬গৰাকীলৈ পদ্মবিভূষণ, ৯ গৰাকীলৈ পদ্মভূষণ আৰু ৯১ গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। অসমৰ ৩ গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
২০২৩ বৰ্ষৰ বাবে পদ্মবিভূষণ সন্মান আগবঢ়োৱা হৈছে বালকৃষ্ণ দোশী, জাকিৰ হুছেইন, এছ এম কৃষ্ণ, দিলীপ মহালানাবিছ (মৰণোত্তৰভাৱে), শ্ৰীনিবাস ৱাৰাধন আৰু মুলায়েম সিং যাদৱলৈ।
আনহাতে, পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে এছ এ ভাইৰাপ্পা, কুমাৰ মংগলম বিৰলা, দীপক ধৰ, ৱাণী জয়ৰাম, স্বামী চিন্না জিয়াৰ, সুমন কল্যাণপুৰ, কপিল কাপুৰ, সুধা মূৰ্তি আৰু কমলেশ ডি পেটেললৈ।
৯১ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। ইয়াৰ ভিতৰত অসমৰ পৰা আছে ৩ গৰাকী ব্যক্তি। অসমৰ হেমচন্দ্ৰ গোস্বামী, হেমোপ্ৰভা চুতীয়া আৰু ৰামকুইৱাংবে জেনিলৈ আগবঢ়োৱা হৈছে এই সন্মান।
পদ্মশ্ৰী সন্মান লাভ কৰা দেশৰ বাকীসকল বিশিষ্ট ব্যক্তি হ’ল ক্ৰমে ড০ সুকামা আচাৰ্য, যোধায়াবাই বাইগা, প্ৰেমজিৎ বাৰিয়া, ঊষা বাৰলে, মুনীশ্বৰ চন্দাৱাৰ, হেমন্ত চৌহান, ভানুভাই চিতাৰা, নৰেন্দ্ৰ চন্দ্ৰ দেববাৰ্মা (মৰণোত্তৰভাৱে), সুভদ্ৰা দেৱী, খদৰ ভল্লী দুদেকুলা, প্ৰীতিকণা গোস্বামী, ৰাধা চৰণ গুপ্তা, মদাদুগু বিজয় গুপ্তা, আহমেদ হুছেইন আৰু মহম্মদ হুছেইন (দ্বৈতভাৱে), দিলশ্বাদ হুছেইন, ভিকু ৰামজী ইদাতে, চি আই ইজাক, ৰতন সিং জগ্গী, বিক্ৰম বাহাদুৰ জামাতিয়া, ৰাকেশ ৰাধেশ্যাম ঝুনঝুনৱালা (মৰণোত্তৰভাৱে), ৰতন চন্দ্ৰ কৰ, মহিপাত কাভি, এম এম কিৰাৱানী, আৰিজ খামবাট্টা (মৰণোত্তৰভাৱে), পৰশুৰাম কমাজী খুনে, মগুনী চৰণ কোঁৱৰ, আনন্দ কুমাৰ, অরবিন্দ কুমাৰ, ডোমৰ সিং কোঁৱৰ, ৰিছিংবৰ কুৰকালাং, হীৰাবাই লবি, মুলচন্দ লোধা, ৰাণী মাচায়াহ, অজয় কুমাৰ মাণ্ডাভী, প্ৰভাকৰ ভানুদাস মাণ্ডে, গুঞ্জন জগন্নাথ মানে, অন্তৰ্যামী মিশ্ৰ, নাদোজা পিন্দিপাপানাহাল্লি মুনিভেংকটাপ্পা, প্ৰফেচৰ মহেন্দ্ৰ পাল, উমা শংকৰ পাণ্ডে, ৰমেশ পৰমাৰ আৰু শান্তি পৰমাৰ (দ্বৈতভাৱে), নলিনী পাৰ্থসাৰথি, হনুমন্ত ৰাও পাশুপুলেতি, ৰমেশ পাতাংগে, কৃষ্ণ পেটেল, কে কল্যানসুন্দৰম পিল্লাই, ভি পি আপ্পুকুট্টন পডুভাল, কপিল দেৱ প্ৰসাদ, এছ আৰ ডি প্ৰসাদ, শ্বাহ ৰছিদ আহমেদ কুৰেশ্বী, চি ভি ৰাজু, বাকছী ৰাম, চেৰুভায়াল কে ৰমন, সুজাতা ৰামদৰয়, আব্বাৰেড্ডী নাগেশ্বৰ ৰাও, পৰেশভাই ৰাথৱা, বি ৰামকৃষ্ণ ৰেড্ডী, মংগল কান্তি ৰয়, কে চি ৰুনৰেমছাংগী, বেদিভেল গোপাল আরু মাসী সদিয়ান (দ্বৈতভাৱে), মনোৰঞ্জন শাহু, পাতায়াত শাহু, ঋত্বিক সন্যাল, কোটা সচিদানন্দ শাস্ত্ৰী, শংকুৰাথৰী চন্দ্ৰ শেখৰ, কে ছানাথৈবা শৰ্মা, নেকৰাম শৰ্মা, গুৰচৰণ সিং, লক্ষ্মণ সিং, মোহন সিং, থৌনাওজাম চাওবা সিং, প্ৰকাশ চন্দ্ৰ সুদ, নেইহুন’ চৰিয়ে, ড০ জানুম সিং সয়, কুশক থিকছে নাৱাং চাম্বা ষ্টেনজিন, এছ সুব্বাৰমন, মোৱা সুবং, পালম কল্যাণ সুন্দৰম, ৰবীনা ৰবি টেণ্ডন, বিশ্বনাথ প্ৰসাদ তিৱাৰী, ধনীৰাম টোটো, তুলাৰাম উপৰেতি, ড০ গোপালছামী ভেলুচামী, ড০ ঈশ্বৰ চন্দ্ৰ বাৰ্মা, কুমী নৰিমন ৱাডিয়া, কৰ্ম ৱাংচু (মৰণোত্তৰভাৱে), গুলাম মহম্মদ জাজ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|