২ ছেপ্টেম্বৰলৈ CBIৰ জিম্মাত থাকিব বিচাৰিছে INX মিডিয়া কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম। ইয়াৰ বাবে চিদাম্বৰমে নিজেই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে আৰ্জি। ২১ আগষ্টত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন বিত্ত মন্ত্ৰীজন। আজি CBIৰ জিম্মাৰ ম্যাদ উকলিব আৰু চিদাম্বৰমক হাজিৰ কৰোৱা হ’ব আদালতত। চিবিআয়ে চিদাম্বৰমক আৰু জিম্মাত নিবিচৰাৰ সম্ভাৱনা আছে।
যদিহে CBI–এ জিম্মাত নলয়, তেন্তে চিদাম্বৰমক ন্যায়িক জিম্মাত তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হ’ব পাৰে। সেয়েহে হয়তু চিদাম্বৰমে CBI জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনাইছে। অৱশ্যে চিদাম্বৰমৰ আৰ্জিক লৈ এতিয়ালৈ কোনো উত্তৰ দিয়া নাই ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ত বৃহস্পতিবাৰে ন্যায়াধীশ আৰু ভানুমতি আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ বিচাৰপীঠে কয় যে দুৰ্নীতিৰ গোচৰত চিবিআইৰ জিম্মালৈ প্ৰেৰণৰ বাবে নিম্ন আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ওপৰত ২ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব। ইয়াৰ পিছতে চিদাম্বৰমে ২ ছেপ্টেম্বৰলৈ CBIৰ জিম্মাত থকাৰ বাবে নিজেই আবেদন কৰে।
উচ্চতম ন্যায়ালয়ে কৈছে যে দিল্লী হাইক’ৰ্টৰ ২০ আগষ্টৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই চিদাম্বৰমে দাখিল কৰা আবেদনক লৈ ৫ ছেপ্টেম্বৰত হ’ব শুনানি। EDৰ গোচৰত দিল্লী হাইক’ৰ্টে অগ্ৰিম জামিন আবেদন খাৰিজ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল প্ৰাক্তন বিত্ত মন্ত্ৰীজন।
এয়াও পঢ়ক : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত আৰু এজন অসম সন্তানNEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube ,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|