INX মিডিয়া কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী চিদাম্বৰমে তিহাৰ জে’লত কটালে প্ৰথমটো নিশা। কাৰাগাৰৰ কোঠাত বিনিদ্ৰ ৰজনী কটালে চিদাম্বৰমে। ওৰেনিশা টোপনি নাহিল প্ৰাক্তন কেন্দ্ৰী মন্ত্ৰীজনৰ। নিশা জে’লৰ কোঠাত ছটফটাই ইফাল–সিফাল কৰি থাকিল চিদাম্বৰম।
সূত্ৰ অনুসৰি, নিশা চিদাম্বৰমক যি খাদ্য দিয়া হৈছিল সেয়াও গ্ৰহণ নকৰিলে। তিহাৰ জে’লত দুপৰীয়া আৰু নিশা খাদ্য হিচাপে কয়দীসকলক দিয়া হয় এবাতি দাইল, তৰকাৰী আৰু ৪–৫খন ৰুটি।
উল্লেখযোগ্য যে প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰমক বৃহস্পতিবাৰে ১৪ দিনৰ বাবে তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল। কাৰাগাৰৰ বিষয়াই জনোৱা অনুসৰি, চিদাম্বৰমক কোনো বিশেষ সুবিধা দিয়া হোৱা নাই যদিও পৃথক কোঠাত থাকিবলৈ দিয়া হৈছে।
আন কয়দীৰ দৰে চিদাম্বৰমক কাৰাগাৰৰ পুথিভঁৰাল ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে আৰু নিৰ্ধাৰিত সময়ৰ বাবে টিভি চাবলৈ দিয়া হৈছে। সন্ধিয়া তিহাৰ জে’ল পোৱাৰ পিছত চিদাম্বৰমক
স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু তাৰ পিছত কাৰাগাৰৰ ৭নং কোঠাত ৰখা হয়।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by: Sanjay Kumar Das
First published: September 06, 2019, 08:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|