প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰিছে ED–এ। আজি পুৱা ই ডিৰ এটা দল তিহাৰ জে’লত উপস্থিত হয়। দুঘণ্টা ধৰি সোধা–পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে চিদাম্বৰমক। এতিয়া চিদাম্বৰমক আদালতৰ নিৰ্দেশৰ পিছত তিহাৰ জে’লৰ পৰা উলিয়াই অনা হ’ব।
ইয়াৰ পূৰ্বে INX মিডিয়া কেলেংকাৰীৰ গোচৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সোধা–পোছা কৰাৰ বাবে তিহাৰ জে’লত উপস্থিত হয়। EDৰ বিষয়াই জনায় যে আদালতে অনুমতি প্ৰদান কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সোধা–পোছাৰ বাবে তিহাৰ জে’লত উপস্থিত হয় EDৰ দল।
মঙলবাৰে ই ডিক প্ৰয়োজনত চিদাম্বৰমক গ্ৰেপ্তাৰ কৰাৰো অনুমতি প্ৰদান কৰিছিল আদালতে। ইতিমধ্যে CBI আৰু ন্যায়িক জিম্মাত ৫৫ দিন অতিবাহিত কৰিলে চিদাম্বৰমে। ২১ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল চিদম্বৰমক।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|