২মাহতকৈ বেছি ভাৰা ল’ব নোৱাৰিব আগধন, ভাৰা বঢ়াবলৈ মালিকে দিব লাগিব ৩মাহৰ আগতে জাননী

বহুকেইটা গুৰুত্বপূৰ্ণ দিশ সামৰি প্ৰস্তুত কৰা হৈছে এই খচৰা।

News18
Updated:July 12, 2019, 3:22 PM IST
২মাহতকৈ বেছি ভাৰা ল’ব নোৱাৰিব আগধন, ভাৰা বঢ়াবলৈ মালিকে দিব লাগিব ৩মাহৰ আগতে জাননী
ফাইল ফটো
News18
Updated: July 12, 2019, 3:22 PM IST
ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ মাজৰ সম্পৰ্ক সুনিৰ্ধাৰিত কৰি দিবলৈ কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ। কেন্দ্ৰই আনিবলগীয়া নতুন আইন অনুসৰি ঘৰৰ মালিকে দুমাহতকৈ বেছি ভাৰা আগধন হিচাপে ল’ব নোৱাৰিব। ঘৰৰ মেৰামতি, ঘৰৰ নিৰীক্ষণ বা আন উদ্দেশ্যৰে আহিবলৈ ২৪ঘণ্টা পূৰ্বতে ভাৰাতীয়াক জাননী দিব লাগিব।

ৰেণ্ট এগ্ৰীমেণ্টৰ সময় উকলি যোৱাৰ পূৰ্বে ভাৰাতীয়াক তেতিয়ালৈকে ওলিয়াব পৰা নাযাব যেতিয়ালৈ ভাৰাতীয়াই একেৰাহে দুমাহৰ ভাৰা দিয়া নাই বা সম্পত্তিৰ ভুল ব্যৱহাৰ কৰিছে।

ঘৰৰ মেৰামতিৰ কাৰণে ভাৰাতীয়া আৰু মালিক উভয়ৰে দায়িত্ব থাকিব।

ঘৰৰ কোনো মেৰামতি বা উন্নীতকৰণৰ এমাহ পিছত ভাৰাতীয়াৰ সন্মতিক্ৰমে ভাৰা বঢ়াব পাৰিব ঘৰৰ মালিকে।

ৰাজ্য চৰকাৰে নিজৰ ইচ্ছা অনুসৰি এই আইন বলৱৎ কৰিব পাৰিব। ভাৰা চুক্তিৰ অৱধিৰ মাজভাগত মালিকে ঘৰৰ ভাৰা বঢ়াব নোৱাৰিব। ঘৰৰ মালিকে ঘৰৰ যিকোনো সাল সলনি বা মেৰামতিৰ কাৰণে তিনি মাহ আগতে জাননী দিব লাগিব।

বিবাদ হ’লে মালিকে ভাৰাতীয়াৰ বিদ্যুৎ যোগান, পানী আদি জৰুৰী সুবিধা কৰ্তন কৰিব নোৱাৰিব।

যদি কোনো ভাৰাতীয়াই নিৰ্ধাৰিত সময়তকৈ অধিক সময় ঘৰত থাকে তেনেহ’লে তেওঁ প্ৰথম দুমাহৰ কাৰণে দুগুণ ভাৰা দিব লাগি‍ব। যদি তেওঁ দুমাহতকৈ অধিক সময় থাকে তেনেহ’লে তেওঁ চাৰিগুণ ভাৰা দিব লাগিব।

ভাৰাতীয়াই ঘৰ খালী কৰাৰ পিছত ঘৰৰ মালিকে নিজৰ দেনা–পাওনা কাটি ছিকিউৰিটী ধন ঘুৰাই দিব।

নগৰ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা প্ৰস্তুত কৰা খচৰা আইনত ‘ৰেৰা’ৰ কৰ্তৃপক্ষ অনাৰো পৰামৰ্শ দিয়া হৈছে।

এই  কৰ্তৃপক্ষই ভাৰা সম্পৰ্কীয় বিবাদ নিষ্পত্তি কৰিব। ভাৰাতীয়া আৰু মালিকে চুক্তি (ৰেণ্ট এগ্ৰীমেণ্ট) প্ৰস্তুত কৰি কৰ্তৃপক্ষৰ হাতত জমা দিব লাগিব।

এই এগ্ৰীমেণ্টত মাহেকীয়া ভাৰা, অৱধি, ঘৰৰ আংশিক মেৰামতি, বিল আদায় (বিদ্যুৎ, গেছ, মেৰামতি আদি) বিষয়ে উল্লেখ থাকিব।

দুয়ো পক্ষৰ মাজত বিবাদ হ’লে যিকোনো এটা পক্ষ কৰ্তৃপক্ষৰ ওচৰলৈ যাব পাৰিব।

ভাৰাতীয়াই যদি একেৰাহে দুমাহলৈকে ভাৰা নিদিয়ে তেতিয়া মালিকে ৰেণ্ট অথ’ৰিটীৰ ওচৰত সহায় বিচাৰিব পাৰে।

উল্লেখযোগ্য যে এই আইন আগৰ তাৰিখৰ ক্ষেত্ৰত বলৱৎ নহয়। দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বেংগালুৰুৰ দৰে মহানগৰীত এনে হাজাৰ হাজাৰ ঘৰৰ মালিক আছে যিসকলে এই আইনৰ পৰা সকাহ নাপায়। পুৰণি এগ্ৰীমেণ্ট মতে এওঁলোকে যথেষ্ট কম ভাৰা লাভ কৰি আছে।

বিবাদপূৰ্ণ বিষয়সমূহ আওতাত নাহে।

এই প্ৰস্তাৱ সন্দৰ্ভত সাধাৰণ জনতা আৰু হিতাধিকাৰীৰ পৰা টিপ্পনী ল’বলৈ মন্ত্ৰালয়ে নিজৰ ৱেবছাইটলৈ আমন্ত্ৰন জনাইছে। পৰৱৰ্তী সময়ত এই প্ৰস্তাৱ কেবিনেটত গৃহীত হ’বলৈ প্ৰেৰণ কৰা হ’ব।

অনুমান কৰা মতে প্ৰায় ১.১কোটি ঘৰ মালিকে ভাৰাতীয়াৰ ভয়ত ভাৰা নিদিয়াকৈ খালী ৰাখি থৈছে।

বিবাদ সমূহ শীঘ্ৰে নিষ্পত্তি কৰিবলৈ ৰাজ্য চৰকাৰে ৰেণ্ট কৰ্ট আৰু ৰেণ্ট ট্ৰিবিউনেল গঠন কৰিব।

কিন্তু যদিহে বিবাদ কৰ্তৃপক্ষৰ ওচৰলৈ যায় আৰু ভাৰাতীয়াই ১মাহৰ ভিতৰত এই দেনা আদায় কৰে তেনেহ’লে তেওঁ ঘৰত থাকিব পাৰিব। এই সুবিধাও ভাৰাতীয়াই বছৰত কৰা এটা ভুলৰ বাবদহে প্ৰদান কৰা হৈছে।

এই খচৰাত কোৱা হৈছে যে যদিহে ঘৰৰ মালিকে নগদ ধন বা পোষ্টেল অৰ্ডাৰৰ দ্বাৰা ভাৰা লোৱা নাই তেনেহ’লে সেই ভাৰা ভাৰাতীয়াই ৰেণ্ট অথ’ৰিটীত জমা কৰিব পাৰে।

ঘৰৰ মালিকে যদি ঘৰৰ মেৰামতি কৰা নাই তেনেহ’লে ভাৰাতীয়াই ভাৰাৰ পৰা মেৰামতিৰ খৰছ কাটি মেৰামতি কৰিব পাৰে।

যদিহে ভাৰাতীয়াই অনুভৱ কৰে যে ঘৰটো তেওঁ বাস কৰাৰ যোগ্য নহয় তেনেহ’লে তেওঁ ১৫দিনৰ জাননী দি ঘৰ খালী কৰিব পাৰে।

ৰেণ্ট এগ্ৰীমেণ্টত উল্লেখ কৰা ধৰণে ঘৰৰ মেৰামতি যদি ভাৰাতীয়াই নকৰে তেনেহ’লে ঘৰৰ মালিকে ছিকিউৰিটী ধন কাটি খৰছ কৰিব পাৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি